Local, Vocal, Global

WATCH | Assam HSLC Compartmental Result : মেট্ৰিকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফলাফল ঘোষণা

নিউজ ডেস্ক,১৬জুন : আজি ঘোষণা হ’ল মেট্ৰিকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফলাফল।

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে ঘোষণা কৰিলে মেট্ৰিকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষা।

এইবাৰ মেট্ৰিকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাত ১৩,৫৮৫জন পৰীক্ষাৰ্থী উত্তীৰ্ণ হয়(Assam HSLC Compartmental Result)।

উল্লেখযোগ্য যে, ৫৪,১৩৪জন পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল মেট্ৰিকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাত।

এইবাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাত উত্তীৰ্ণ হাৰ ২৫.০৯ শতাংশ।

প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ৪২২‌গৰাকী, ২য় বিভাগত উত্তীৰ্ণ ৮৯৭৫গৰাকী আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে ৪১৮৮গৰাকী পৰীক্ষাৰ্থী। ষ্টাৰ মাৰ্ক লাভ কৰিছে ৩‌ গৰাকী শিক্ষাৰ্থীয়ে।

লগতে পঢ়ক : WATCH | Kaliabor News : কলিয়াবৰত মুকলি সাইনাথ নামৰ নাৰ্চাৰী