Assam HS SOP issued: HSৰ চূড়ান্ত পৰীক্ষাৰ বাবে প্ৰকাশ পালে SOP

কাইলৈ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা ।
গুৱাহাটী: HSৰ চূড়ান্ত পৰীক্ষাৰ বাবে প্ৰকাশ পালে SOP। কেইবাটাও নিয়ম মানি কাইলৈ পৰীক্ষাত বহিব লাগিব পৰীক্ষাৰ্থীয়ে ।
কি কি নিয়ম মানিব লাগিব জানি লওক ।
পৰীক্ষা হলৰ ১০০ মিটাৰ দূৰত্বলৈকে প্ৰৱেশ নিষিদ্ধ সাধাৰণ লোকৰ ।
২০০ মিটাৰ দূৰত্বলৈকে বজাব নোৱাৰিব লাউড স্পীকাৰত গান।
শিক্ষা বৰ্ডৰ বিশেষ কনট্ৰল ৰুমৰ পৰা পৰীক্ষা কেন্দ্ৰৰ CCTV সমূহ অহৰহ নিৰীক্ষণত থাকিব।
পৰীক্ষাৰ্থী বা শিক্ষানুষ্ঠানৰে জড়িত ব্যক্তিৰ বাহিৰে আন কোনো লোক পৰীক্ষাগৃহত প্ৰৱেশ কৰিব নোৱাৰিব।
পৰীক্ষা হললৈ কোনো পৰীক্ষাৰ্থীয়ে অনুমতিবিহীন সামগ্রী লগত লৈ যাব নোৱাৰিব।
কোনো পৰীক্ষাৰ্থীয়ে ইলেক্ট্র’নিক সামগ্রী পৰীক্ষাগৃহলৈ নিব নোৱাৰিব।
ইলেক্ট্র’নিক সামগ্রী, স্মার্ট ঘড়ী আৰু কেলকুলেটৰ লৈ পৰীক্ষাগৃহত সোমাব নোৱাৰিব।
পৰীক্ষাগৃহৰ বাহিৰত অনুমতি অবিহনে পার্কিং কৰাতো নিষেধাজ্ঞা জাৰি।
ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা ১৬৩নং অনুচ্ছেদৰ অধীনত এই কঠোৰ নিৰ্দেশনা জাৰি।
নিয়ম ভংগ কৰিলেই সম্মুখীন হ’ব লাগিব কঠোৰ শাস্তিৰ।
মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাক লৈ গোলাঘাট প্রশাসনে জাৰি কৰিলে এই SOP।