Local, Vocal, Global

Assam HS Results 2024 : ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল; তিনিওটা শাখাতে উত্তীৰ্ণৰ হাৰ ২০২৩ বৰ্ষৰ তুলনাত যথেষ্ঠ উন্নত

নিউজ ডেস্ক,৯মে’ : ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল। পুৱা ৯ বজাৰ লগে লগে ঘোষণা হ’ল পৰীক্ষাৰ ফলাফল(Assam HS Results 2024)।

আজি ঘোষিত হোৱা ফলাফল অনুসৰি কলা শাখাত উত্তীৰ্ণ হৈছে ৮৮.২৪ শতাংশ শিক্ষাৰ্থী । বিজ্ঞান শাখাত উত্তীৰ্ণ হৈছে ৯০.২৯ শতাংশ ছাত্ৰ-ছাত্ৰী । বাণিজ্য শাখাত উত্তীৰ্ণ হৈছে ৮৮.২৮ শতাংশ ছাত্ৰ-ছাত্ৰী।

ইয়াতে উল্লেখ কৰাৰ প্ৰয়োজন যে, এইবাৰ তিনিওটা শাখাতে উত্তীৰ্ণৰ হাৰ ২০২৩ বৰ্ষৰ তুলনাত যথেষ্ঠ উন্নত।

উল্লেখ্য যে, ২০২৩ বৰ্ষত কলা শাখাত উত্তীৰ্ণ হৈছিল ৭০.১২ শতাংশ ছাত্ৰ-ছাত্ৰী। বিগত বৰ্ষত বিজ্ঞান শাখাত উত্তীৰ্ণ হৈছিল ৮৪.৯৬ শতাংশ ছাত্ৰ-ছাত্ৰী। লগতে বিগত বৰ্ষত বাণিজ্য শাখাত উত্তীৰ্ণ হৈছিল ৭৯.৫৭ শতাংশ ছাত্ৰ-ছাত্ৰী।

লগতে পঢ়ক : আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল মেলেং বচা পথাৰৰ ইমন গগৈ