প্ৰথমবাৰৰ বাবে ক’ভিড মুক্ত হৈছে অসম-হিমন্ত বিশ্ব শৰ্মা

নিউজ ডেস্ক,১২ মাৰ্চঃপ্ৰথমবাৰৰ বাবে অসমত বিগত দুটা দিনত পোহৰলৈ অহা নাই এটাও ক’ভিড সংক্ৰমণৰ ঘটনা।
শুকুৰবাৰে ৰাজ্যখনত ১,৪৫৮ গৰাকী লোকক টেষ্ট কৰা হৈছিল যদিও এজনো লোক ক’ভিডত আক্ৰান্ত নোহোৱা ঘটনাই সকাহ প্ৰদান কৰিছে জনসাধাৰণক।
বৰ্তমান ৰাজ্যখনত ক’ভিড আৰোগ্যৰ হাৰ হৈছে ৯৮.৮৯ শতাংশ।
ইয়াৰ মাজতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ক’ভিডৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰিছে।
চৰকাৰী তথ্যৰ দৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও অসমৰ পৰা ক’ভিডৰ বিপদ প্ৰায় নাইকিয়া হোৱাৰ কথা দোহাৰে।
মুখ্যমন্ত্ৰী শৰ্মাই কয় যে ৰাজ্যখনত কোনো নতুন ঘটনা পোহৰলৈ অহা নাই আৰু ৰাজ্যখনত জনজীৱন সম্পূৰ্ণ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে।