Assam Higher Secondary TET 2024:TET ৰ নতুন সময়সূচী ঘোষণা;২৯ ডিচেম্বৰৰ পৰিৱৰ্তে ১৯ জানুৱাৰীত অনুষ্ঠিত হ’ব TET Cum Recruitment Test

নিউজ ডেস্ক,২১ডিচেম্বৰ : অসম মাধ্যমিক শিক্ষা সঞ্চালকে স্নাতক আৰু স্নাতকোত্তৰ TET ৰ নতুন সময় সূচী ঘোষণা। ২৯ ডিচেম্বৰৰ পৰিৱৰ্তে ১৯ জানুৱাৰীত অনুষ্ঠিত হ’ব TET Cum Recruitment Test(Assam Higher Secondary TET 2024)।
পূৰ্বে ২৯ ডিচেম্বৰত এই পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল TET Cum Recruitment Test।
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাৰ ভিত্তিতে সলনি কৰিলে নিযুক্তি পৰীক্ষাৰ দিন। TET Cum Recruitment Testৰ পাঠ্যক্ৰমত অংক বিষয়ৰ অন্তৰ্ভুক্তিৰ পাছতেই অধ্যয়নৰ সময় বিচাৰি ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল একাংশ চাকৰি প্ৰত্যাশী। চাকৰি প্ৰত্যাশীসকলৰ আবেদনৰ ভিত্তিত ১৫ দিনৰ সময় বৃদ্ধি ন্যায়ালয়ৰ। ৩ জানুৱাৰীৰ পৰা নিৰ্দিষ্ট ৱেবচাইটত উপলব্ধ হ’ব TET Cum Recruitment Testৰ প্ৰৱেশ পত্ৰ।
লগতে পঢ়ক :Congress protest: কংগ্ৰেছ কৰ্মী বুলি ক’লে অসম আৰক্ষীৰ গা-জ্বলে নেকি ?