Local, Vocal, Global

HS Final Results : উচ্চতক মাধ্যমিকৰ চুড়ান্ত শাখাৰ ফলাফল, বিগত ১০ বছৰৰ তুলনাত এই উত্তীৰ্ণৰ হাৰ হৈছে সৰ্বনিম্ন

গুৱাহাটী, ৬ জুন : বহু জল্পনা কল্পনাৰ অন্তত অৱশেষত ঘোষণা কৰা হল উচ্চতক মাধ্যমিক বিজ্ঞান, কলা আৰু বাণিজ্য শাখাৰ ফলাফল। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সোমবাৰৰ নিশা ২ বজাত টুইটাৰযোগে ফলাফল ঘোষণা কৰিব বুলি জনোৱাৰ পাছতে মঙলবাৰে পুৱা ৰাজ্যৰ শিক্ষাৰ্থী তথা অভিভাৱকসকলৰ মাজত উৎকণ্ঠা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছিল । অৱশেষত সেই ক্ষণ আহিল । পুৱা ৯ বজাৰ লগে লগে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ঘোষণা কৰিলে ফলাফল ।

এইবাৰ কলা শাখাত উত্তীৰ্ণৰ হাৰ ৭০.১২ শতাংশ ।
মুঠ ২,৬১,২৩১ গৰাকী প্ৰাৰ্থীয়ে কলা শাখাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল যদিও ইয়াৰে ২৮,৬৫১ গৰাকীয়ে প্ৰথমস্থান, ৫৮৮৬৯ গৰাকীয়ে দ্বিতীয় স্থান, ৯৫৬৬০ তৃতীয় স্থান লাভ কৰে।

একে ধৰণে বিজ্ঞান শাখাত এইবাৰ উত্তীৰ্ণৰ হাৰ ৮৪.৯৬ শতাংশ।
বাণিজ্য শাখাত উত্তীৰ্ণৰ হাৰ ৭৯.৫৭ শতাংশ।

মন কৰিব লগীয়া যে, যোৱা ১০ টা বছৰৰ ভিতৰত ২০২৩ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল নিম্নগামী হোৱা পৰিলক্ষিত হৈছে । কলা, বিজ্ঞান আৰু বানিজ্য – আটাইকেইটা শাখাতে উত্তীৰ্ণৰ হাৰ এইবাৰে কম হৈছে ।

২০১৪ বৰ্ষৰ পৰা যদি লক্ষ্য কৰা হয়, সেই বছৰ কলা শাখাত উত্তীৰ্ণৰ হাৰ আছিল ৭৩.৯১ শতাংশ । কিন্তু ইয়াৰ বিপৰীতে কলা শাখাত এইবাৰ উত্তীৰ্ণৰ হাৰ হৈছে ৭০.১২ শতাংশ ।

একেধৰণে এইবাৰ বিজ্ঞান শাখাতো যোৱা ১০ টা বছৰৰ ভিতৰত উত্তীৰ্ণৰ হাৰ কম হোৱা পৰিলক্ষিত হ’ল । এইবাৰ বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ হৈছে ৮৪.৯৬ শতাংশ ।

যোৱা ১০ বছৰৰ তুলনাত এইবাৰ বাণিজ্য শাখাতো উত্তীৰ্ণৰ হাৰ কম হোৱা পৰিলক্ষিত হয় । ২০১৪ ত বাণিজ্য শাখাত উত্তীৰ্ণৰ হাৰ আছিল ৮২.৭০ শতাংশ । কিন্তু ইয়াৰ বিপৰীতে এইবৰ্ষ বানিজ্যত উত্তীৰ্ণৰ হাৰ হৈছে ৭৯.৫৭ শতাংশ ।
[10:24 am, 06/06/2023] Manoj Laskar: HS Final Exam Result 2023: ফলাফলৰ Trending ত নগাঁও
উচ্চতৰ মাধ্যমিক চুড়ান্ত শাখাৰ পৰীক্ষাত ফলাফলত উজ্বলিছে নগাঁৱৰ ৰামানুজন চিনিয়ৰ চেকেণ্ডাৰী স্কুল ।
শীৰ্ষ ১০ টা স্থানৰ ১১ গৰাকী পৰীক্ষাৰ্থীয়েই ৰামানুজন চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ ।স্থান লাভ কৰা এইসকল শীক্ষাৰ্থী হৈছে

বিজ্ঞান শাখাত ৰামানুজনৰ পৰা স্থান লাভ কৰা ছাত্ক ছাত্ৰীসকল সকল হৈছে

প্ৰথম স্থানত নিখিলেশ দত্ত

দ্বিতীয় স্থানত অৰীজিত ৰয়, বিশ্বজ্যোতি দাস, ঋষভ উপাধ্যায়

তৃতীয় স্থানত প্ৰাৰ্থনা প্ৰিয়ম শইকীয়া

চতুৰ্থ স্থানত সত্যজিত কামান

ষষ্ঠ স্থানত ভাৰ্গভ শিবম

সপ্তম স্থানত বিকাশ জ্যোতি চহৰীয়া

অষ্টম স্থানত শতৰুপা বৰকাকতি

দশম স্থানত কৃষ্ণা ডেকা আৰু অভিলাশা হিমাশ্ৰী দাস

লগতে পঢ়ক : HS Final Results: বাণিজ্য শাখাত শীৰ্ষ ১০ টা স্থানত আছে