Assam hearthrob Zubeen Garg discharged from hospital : বুধবাৰে নেমকেয়াৰ হাস্পতালৰ পৰা ঘৰলৈ যাবলৈ অনুমতি দিয়া হয় জুবিন গাৰ্গক

নিউজ ডেস্ক,৩১জুলাই : বৰ্তমান সম্পূৰ্ণৰূপে সুস্থ সংগীত শিল্পী জুবিন গাৰ্গ। বুধবাৰে নেমকেয়াৰ হাস্পতালৰ পৰা ঘৰলৈ যাবলৈ অনুমতি দিয়া হয় জুবিন গাৰ্গক।
সংবাদমেলৰ জৰিয়তে জুবিন গাৰ্গৰ স্বাস্থ্য সন্দৰ্ভত কেতবোৰ মন্তব্য কৰে ডা০ হিতেশ বৰুৱাই। ডা০ বৰুৱাই কয়- জুবিনক এতিয়া কিছু বিশ্ৰামৰ প্ৰয়োজন। অত্যধিক পৰিশ্ৰম আৰু টোপনি ক্ষতিৰ বাবে অসুস্থ হৈ পৰিছে শিল্পীগৰাকী। সেয়ে এতিয়া তেঁওক কিছু জিৰণিৰ প্ৰয়োজন(Assam hearthrob Zubeen Garg discharged from hospital)।
উল্লেখ্য যে, দেওবাৰে পুৱা প্ৰায় ৯:১০ বজাত ষ্টুডিঅ’ত হঠাৎ অসুস্থ হৈ পৰিছিল জুবিন গাৰ্গ। চিকিৎসকৰ মতে পুনৰ চিজাৰ এটেকৰ সন্মুখীন হৈছিল কণ্ঠশিল্পী জুবিন গাৰ্গ। হঠাৎ অসুস্থ হোৱা জুবিন গাৰ্গক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হৈছিল নেমকেয়াৰ ছুপাৰস্পেচিয়েলিটী হাস্পতালৰ MICUত। জুবিনৰ কেইবাটাও স্বাস্থ্য পৰীক্ষা কৰা পিছত আজিৰ দিনটোত ঘৰলৈ যাবলৈ দিয়াৰ কথা আছিল জুবিনক। কিয়নো ক্ৰমাৎ সুস্থ হৈ উঠিছে জুবিন গাৰ্গ।