Local, Vocal, Global

Assam Gunotsav: মাতৃৰ মৃত্যুত শুভ্ৰ বস্ত্ৰ পৰিধান কৰি গুণোৎসৱত যোগ দিলে এজন শিক্ষকে

কামপুৰ,৮জানুৱাৰী : সমগ্ৰ ৰাজ্যৰ শিক্ষানুষ্ঠান সমূহত গুণোৎসৱ চলি থকাৰ মাজতেই নগাওঁ জিলাৰ কঠিয়াতলী শিক্ষাখণ্ডৰ অন্তৰ্গত গণেশপুৰ মাইনাওশী প্ৰাথমিক বিদ্যালয়ত দেখা গ’ল এক ব্যতিক্ৰমী দৃশ্য। মাতৃৰ মৃত্যুৰ পিছতো আদ্য শ্ৰাদ্ধ শেষ নহওঁতেই শুভ্ৰ বস্ত্ৰ পৰিধান কৰি নিজৰ কৰ্মস্থলীলৈ আহিবলৈ বাধ্য হল প্ৰধান শিক্ষক অনন্ত বানায়(Assam Gunotsav)।

জানিব পৰা মতে, ১৯৮ জন ছাত্ৰ -ছাত্ৰী থকা বিদ্যালয় খনৰ শিক্ষক আৰু বিদ্যালয় গৃহৰ অভাৱত দীৰ্ঘদিন ধৰি ব্যাপক সমস্যাত পৰি আহিছে।বিদ্যালয় খনৰ প্ৰধান শিক্ষকে মধ্যাহ্ন ভোজনকে ধৰি অনান্য কৰ্মসূচীৰ লগত প্ৰধান শিক্ষক  বানাইয়ে ব্যস্ত থাকিব লগীয়া হয়।

যাৰ বাবে বিদ্যালয়খনৰ ছটা কৈ শ্ৰেণীত প্ৰধান শিক্ষক অনন্ত বানায় আৰু শিক্ষক জনৰ পত্নী এগৰাকী সহকাৰী শিক্ষত্ৰিয়ী মিনি ডেকাই পাঠদান কৰাত ব্যাপক সমস্যাত পৰিছে। বিদ্যালয়ত শিক্ষকৰ অভাৱৰ মাজতে প্ৰধান শিক্ষক জনৰ মাতৃ ৰাজু বানাই যোৱা শুকুৰবাৰে  বিয়োগত শুভ্ৰ বস্ত্ৰ পৰিধান কৰি বিদ্যালয়ৰ গুণোৎসৱত যোগ দিলে প্ৰধান শিক্ষক গৰাকীয়ে।

যাৰ বাবে উক্ত সমস্যাটো সমাধান কৰিবলৈ অভিভাৱক সকলৰ লগত প্ৰধান শিক্ষক অনন্ত বানায় চৰকাৰক আহ্বান জনাইছে।

লগতে পঢ়ক:Gelakey News:মিছাজান নামদঙ্গীয়া গাওঁত গৰাকী বিহীন গৰু উদ্ধাৰ