Job cut proposal of private department : ডিজিটেল মাধ্যমত হ’ব চৰকাৰী কাম-কাজ, বিলুপ্ত হ’ব ৰাজ্য প্ৰশাসনৰ ৫০ শতাংশ পদ

নিউজ ডেস্ক, ২৪ জুলাই : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে ৰাইজক চমক দিয়াৰ বাবে এক লাখ নিৱনুৱাক চৰকাৰী নিযুক্তি(Job cut proposal of private department) দিয়াৰ ঢাক ঢোল বজোৱাৰ লগতে নিয়োগ মেলাৰে নিবনুৱা সমস্যা সমাধানৰ জয়গান গাই থকা পৰিলক্ষিত হৈ আহিছে (Job cut proposal of private department)৷ ইয়াৰ বিপৰীতে, চৰকাৰী কাম-কাজত ডিজিটেল পদ্ধতি প্ৰৱৰ্তন কৰাৰ নামত লাখ লাখ চাকৰিয়ালৰ পদ বিলুপ্ত কৰাৰ যোজা চলা প্ৰক্ৰিয়াই অনিশ্চয়তাত ভুগাইছে চাকৰি প্ৰত্যাশীসকলক(Assam Govt To Abolish Non-Essential Posts In Every Dept) ।
এক লাখ নিযুক্তি প্ৰক্ৰিয়াৰ মাজতে ৰাজ্যৰ নিবনুৱাসকললৈ হতাশাৰ বাতৰি । ৰাজ্য প্রশাসনত হ্রাস হ’ব ৫০ শতাংশ পদ । ডিজিটেল মাধ্যমৰ দোহাই দি অৰ্থাৎ ই-অফিচ কাৰ্যকৰীৰ পিছতে ৫০% পদ কৰ্তনৰ প্রক্রিয়া আৰম্ভ(Assam employment)।
উল্লেখ্য যে, অসমৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰখনে চৰকাৰী কাম-কাজ ডিজিটেল মাধ্যমেৰে সম্পন্ন কৰাৰ দোহাই দি প্রথম পৰ্যায়ত ৰাজ্যৰ প্ৰশাসনৰ প্ৰায় 50 শতাংশ পদ কর্তন কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে । প্রয়োজনীয় পদ বিলুপ্ত কৰিবলৈ প্রতিটো বিভাগলৈ জাননী প্ৰেৰণ কৰিছে ৰাজ্য চৰকাৰে । ৰাজ্য চৰকাৰৰ কৰ্মচাৰী বিভাগে যোৱা ২০ জুলাইত প্ৰকাশ কৰা এক চৰকাৰী বিজ্ঞপ্তিত এই কথা প্ৰকাশ পাইছে ।
চৰকাৰী প্ৰতিটো বিভাগলৈ প্ৰেৰণ কৰা নং এ বি পি ৬৭/২০২৩/১ নং অফিচ মেমৰেণ্ডামনচ কৰ্মচাৰী বিভাগে উল্লেখ কৰা মতে ৰাজ্যৰ প্ৰশাসন যন্ত্ৰক এক নতুন মাত্ৰা প্ৰদান কৰি অসম চৰকাৰৰ বিষয়সমূহ তথা কাম-কাজসমূহ বিজ্ঞানসন্মত, পদ্ধতিগত কৰি এক নিৰ্দিষ্ট সময়ৰ ভিতৰত ৰাইজক সেৱা আগবঢ়োৱাৰ উদ্দেশ্যে পদক্ষেপ লোৱা হৈছে । ইয়াৰ অধীনতে ই-অফিচ কাৰ্যকৰী কৰাৰ সিদ্ধান্ত লোৱা হৈছে ।
উল্লেখ্য যে, এই পদক্ষেপ অনুসৰি চৰকাৰী কাৰ্যালয়সমূহ ই-অফিচ কৰি প্রশাসন ব্যৱস্থাৰ সকলো কাম-কাজ ডিজিটেল মাধ্যমেৰে কৰাৰ কাম হাতত লোৱা হৈছে । ইতিমধ্যে অসম সচিবালয়ত এই ব্যৱস্থা প্রায় সম্পূৰ্ণ হৈ উঠিছে আৰু জিলা পৰ্যায়ৰ কাৰ্যালয়সমূহতো শীঘ্ৰে এনে ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ কাম আৰম্ভ হৈছে ।
যিহেতু সকলো কাম-কাজ ডিজিটেল মাধ্যমেৰে হব গতিকে বহু পদ অপ্ৰয়োজনীয় হৈ পৰিব । গতিকে এনে এপ্ৰয়োজনীয় পদৰ উপৰি চৰকাৰী বিভাগসমূহত যিবোৰ পদ প্ৰয়োজনহীন ভাৱে খালী হৈ আছে তেনে পদ বিলুপ্ত কৰাৰ নিৰ্দেশ জাৰি কৰিছে ।
অৱশ্যে এনে পদ বিলুপ্ত কৰাৰ পিছত কিবা কাৰণত যদি কোনো নতুন পদ সৃষ্টি কৰিবলগীয়াত পৰে তেন্তে সংশ্লিষ্ট বিভাগে কর্মচাৰী বিভাগ আৰু বিত্ত বিভাগৰ সৈতে আলোচনা কৰি যাৱতীয় পদক্ষেপ গ্রহণ কৰিব । লগতে প্ৰশাসনীয় বিভাগসমূহে প্রয়োজনীয় নতুন পদ পূৰণৰ বাবে লোকসেৱা আয়োগ নিযুক্তি ব’র্ড, নিযুক্তি আয়োগলৈ পত্ৰ প্ৰেৰণ কৰিব লাগিব ।
জানিব পৰা মতে, ডিজিটেল মাধ্যম হোৱা বাবে বিলুপ্ত হ’ব ৪ৰ্থ বৰ্গ, কম্পিউটাৰ অপাৰেটৰ, ৩য় বৰ্গৰ বহু পদ । অৰ্থাৎ ৰাজ্য প্ৰশাসনৰ ৫০ শতাংশ পদ হ্ৰাস হ’ব । ২০ জুলাইত প্রকাশ কৰা নিৰ্দেশনাত স্পষ্ট হৈছে এই কথা ।
যদিহে এই ব্যৱস্থা সম্পূৰ্ণ হৈ উঠে তেন্তে ৰাজ্য চৰকাৰৰ ৯০ শতাংশ কৰ্মচাৰীৰ কাম নাইকীয়া হৈ পৰিব।
লগতে পঢ়ক : Parliament monsoon session : স্থগিত ৰাজ্যসভাৰ বৰ্ষাকালীন অধিৱেশনৰ কাম-কাজ