Local, Vocal, Global

Constituency Delimitation : অসমৰ ২ টা লোকসভা সমষ্টি আৰু ১০ টা বিধানসভা সমষ্টিৰ নাম সালসলনিৰ প্ৰস্তাৱ ৰাজ্য চৰকাৰৰ

নিউজ ডেস্ক, ১১ জুলাই : অহা ২০ জুলাইত অসমলৈ সমষ্টি পুনৰ নিৰ্ধাৰণৰ ৰাজহুৱা শুনানি ল’বলৈ আহিব দেশৰ নিৰ্বাচন আয়োগৰ দল(Constituency Delimitation)৷ ইফালে এতিয়াও অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ উত্তাল হৈ আছে সমগ্ৰ ৰাজ্য ৷ নিৰ্বাচন আয়োগে ব্যাপক সাল-সলনি ঘটাইছে বহু সমষ্টিৰ । নোহোৱা হৈছে পুৰণা সমষ্টি (Election Commission will conduct public hearing)৷ সৃষ্টি হৈছে নতুন সমষ্টিৰ ৷ অসমৰ ২ টা লোকসভা সমষ্টি আৰু ১০ টা বিধানসভা সমষ্টিৰ নাম সালসলনিৰ প্ৰস্তাৱ ৰাজ্য চৰকাৰৰ ৷

তাৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে আগবঢ়াইছে সমষ্টিৰ নাম সলনিৰ প্ৰস্তাৱ ৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক লৈ ওজৰ আপত্তিৰ আজি অন্তিম দিন ৷ ইয়াৰ পূৰ্বেই ৰাজ্য চৰকাৰে দিছে ১০টা বিধানসভা, ২টা লোকসভা সমষ্টিৰ নাম সলনিৰ প্ৰস্তাৱ ৷ ৰাজ্য চৰকাৰৰ কেবিনেটে কেইটামান সমষ্টিৰ নাম সলনিৰ প্ৰস্তাৱ দিছে। ইয়াৰে ভিতৰত গুৱাহাটী লোকসভাৰ নাম সলনিৰ প্ৰস্তাৱ দিয়া হৈছে ৷

গুৱাহাটী লোকসভাৰ নাম প্ৰাগজ্যোতিষপুৰ কৰাৰ প্ৰস্তাৱ দিছে ৰাজ্য চৰকাৰৰ কেবিনেটে ৷ ঐতিহাসিক সমল থকা এই নামেৰে যাতে গুৱাহাটী লোকসভা সমষ্টিয়ে ঐতিহ্য বহন কৰিব পাৰে তাৰ প্ৰতি দৃষ্টি ৰাখি ড৹ হিমন্ত বিশ্ব শৰ্মা কেবিনেটে এই প্ৰস্তাৱ হাতত লৈছে ।

প্ৰাগজ্যোতিষপুৰ সমষ্টিত থাকিব গোৱালপাৰা পশ্চিম, দুধনৈ, চমৰীয়া, বকো, পলাশবাৰী, দিচপুৰ, ডিমৰীয়া, নিউ গুৱাহাটী, গুৱাহাটী চেণ্ট্ৰেল আৰু জালুকবাৰী ৷ একেদৰে সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাত মঙলদৈ লোকসভা সমষ্টিক দৰং কৰাৰ প্ৰস্তাৱ দিছিল দেশৰ নিৰ্বাচন আয়োগে ৷ ৰাজ্য চৰকাৰৰ কেবিনেটে এতিয়া দৰঙক ভৈৰৱকুণ্ড সমষ্টি কৰিবলৈ প্ৰস্তাৱ দিছে ৷ ভৈৰৱকুণ্ড গঠন হৈছে তামুলপুৰ, গোৰেশ্বৰ, ৰঙিয়া, কমলপুৰ, ভেৰগাঁও, ওদালগুৰি, মাজবাট, টংলা, ছিপাঝাৰ, মঙলদৈ আৰু দলগাঁও ৷ ভৈৰৱকুণ্ড হৈছে ভূটানৰ জাম্পানী নদী, ভৈৰৱী নদী আৰু ধনশিৰি নদীৰ ত্ৰিৱেণী সংগম ৷ এক পৰ্যটনস্থলী এই ভৈৰৱকুণ্ড ৷

প্ৰস্তাৱিত সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাৰ গুৱাহাটী আৰু দৰং লোকসভা সমষ্টিৰ নামৰ পুনৰ নিৰ্ধাৰণৰ পোষকতা কৰিছে ৰাজ্যৰ বিজেপি চৰকাৰে । সেই অনুসৰি গুৱাহাটী লোকসভা সমষ্টিৰ নাম প্ৰাগজ্যোতিষপুৰ আৰু দৰং লোকসভা সমষ্টিৰ নাম ভৈৰৱকুণ্ড ৰখাৰ বাবে দেশৰ নিৰ্বাচন আয়োগলৈ প্ৰস্তাৱ আগবঢ়াইছে ৷ কেৱল লোকসভা সমষ্টিয়েই নহয় ৷ খচৰাত উল্লেখ থকা ১০ টাকৈ বিধানসভা সমষ্টিৰো নাম সলনিৰ প্ৰস্তাৱ ৰাজ্য চৰকাৰৰ ৷

ইফালে ডিমা হাচাও সমষ্টিৰ নাম পূৰ্বৰ দৰেই হাফলং ৰখাৰ বাবে ৰাজ্যিক কেবিনেটে নিৰ্বাচন আয়োগলৈ প্ৰস্তাৱ আগবঢ়াইছে ৷ নৰসিংহপুৰৰ নাম পুনৰ ঢলাই বাহাল ৰখাৰ প্ৰস্তাৱ ৰাজ্যিক কেবিনেটৰ ৷ নৰসিংহপুৰক লৈ আপত্তি দৰ্শাইছিল মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷ মন্ত্ৰী পৰিমল শুক্ল বৈদ্যই প্ৰতিনিধিত্ব কৰা ধলাই সমষ্টিৰ নাম সমষ্টি পুনৰ নিৰ্ধাৰণত পৰিৱৰ্তন নকৰি একেই ৰাখিবলৈ প্ৰস্তাৱ ৰাজ্য চৰকাৰৰ ৷ মৰাণ বিধানসভাৰ নাম খোৱাং বিধানসভা কৰাৰ প্ৰস্তাৱ ৷

ইতিমধ্যে এই প্ৰস্তাৱ ৰাজ্য চৰকাৰে নিৰ্বাচন আয়োগলৈ প্ৰেৰণ কৰিছে ৷ৰাজ্য চৰকাৰৰ যোৱা কেবিনেটৰ বৈঠকত এই প্ৰস্তাৱ গ্ৰহণ কৰা হয় ৷ এই বিশেষ ১০ টা সমষ্টিৰ অন্তৰ্গত হ’বলগীয়া অঞ্চলৰ ঐতিহ্য আৰু আৱেগ-অনুভূতিৰ প্ৰতিয়েই সন্মান জনাই অসম চৰকাৰে এই প্ৰস্তাৱ গ্ৰহণ কৰিছে ৷

মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাইয়ো এই কথাৰ যোৰহাটত ইংগিত দিছে সোমবাৰে ৷ ১০ টা বিধানসভা সমষ্টিৰ ভিতৰত মৰাণ সমষ্টিৰ নাম খোৱাং, বট্টদ্ৰৱা সমষ্টিৰ নাম ধিং আৰু বট্টদ্ৰৱা সমষ্টিক নগাওঁ সদৰ সমষ্টিৰ অন্তৰ্গত কৰাৰ প্ৰস্তাৱ লৈছে ৰাজ্য চৰকাৰে ৷ ভৱানীপুৰ বিধানসভা সমষ্টিটোৰ নাম বৰনগৰ কৰাৰো প্ৰস্তাৱ আগবঢ়াইছে ৰাজ্য চৰকাৰে । গোৱৰ্ধনা সমষ্টিৰ নাম মানাহ কৰাৰ প্ৰস্তাৱ ৰাজ্য চৰকাৰৰ ।

হাজোৰ নাম হাজো শুৱালকুছি কৰাৰ প্ৰস্তাৱ ৰাজ্যিক কেবিনেটৰ ৷ হাজো সমষ্টিত বৃহত্তৰ শুৱালকুছি অঞ্চল সংযোগেৰে হাজোক অনুসূচিত জনজাতিৰ বাবে সংৰক্ষণ কৰাৰ প্ৰস্তাৱ আছিল খচৰাত ৷ সেয়ে শুৱালকুছি নামটো হাজোৰ লগত সংযোগ কৰি সমষ্টিটোৰ নাম হাজো-শুৱালকুছি কৰাৰ প্ৰস্তাৱ দিছে ৰাজ্যিক কেবিনেটে ৷

আনহাতে, বৰাক উপত্যকাতো বাৰুকৈয়ে জ্বলিছে সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰুদ্ধে ক্ষোভৰ জুই ৷ তাৰ মাজতে বৰাকৰ বিধানসভা সমষ্টিক লৈয়ো ৰাজ্য চৰকাৰৰ নিৰ্বাচন আয়োগলৈ প্ৰস্তাৱ ৷ উপত্যকাটোৰ অন্যতম চৰ্চিত সমষ্টি বদৰপুৰ সমষ্টিৰ নাম ৰামকৃষ্ণ নগৰ ৰখাৰ পোষকতা হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ।

লগতে পঢ়ক : Trinamool Congress visit to Manipur : ১৪ জুলাইত মণিপুৰ ভ্ৰমণ কৰিব তৃণমূল কংগ্ৰেছৰ পাঁচজনীয়া দলীয় প্ৰতিনিধি দল