Assam Govt Declares Holiday For Madhavdev Tithi On August 24 :মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিৰ বন্ধৰ দিন সলনি
নিউজ ডেস্ক,২২আগষ্ট : মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিৰ বন্ধৰ দিন সলনি।
এইবাৰ মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিৰ বন্ধ ২৩ আগষ্টৰ পৰিৱৰ্তে ২৪ আগষ্টত কৰ্মচাৰীয়ে লাভ কৰিব চৰকাৰী বন্ধ।
উল্লেখ্য যে,পূৰ্বে ২৩ আগষ্টত মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিৰ বন্ধ ঘোষণা কৰা হৈছিল। কিন্তু তিথি অনুযায়ী ২৪ আগষ্টতে পালন কৰা হ’ব মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি। তিৰোভাৱ তিথি পালনৰ দিন আৰু চৰকাৰী বন্ধৰ দিনক লৈ সৃষ্টি হৈছিল বিভ্ৰান্তিৰ। কিন্তু সেই বিভ্ৰান্তিৰ অৱসান ঘটালে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি উপলক্ষে ২৪ আগষ্টত বন্ধ লাভ কৰিব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই(Assam Govt Declares Holiday For Madhavdev Tithi On August 24)।
পূৰ্বে ঘোষণা কৰা বন্ধৰ তালিকা অনুযায়ী একেলগে ৪ দিনকৈ বন্ধ লাভ কৰিছিল চৰকাৰী কৰ্মচাৰীয়ে। পূৰ্বে ২৩ আগষ্টত মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিৰ বন্ধ, ২৪ আগষ্টত চতুৰ্থ শনিবাৰ, ২৫ আগষ্টত দেওবাৰ আৰু ২৬ আগষ্টত জন্মাষ্টমীৰ বন্ধ আছিল। কিন্তু এতিয়া মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত বন্ধৰ দিন সালসলনি কৰাৰ পিছতে একেলগে ৩ দিনহে বন্ধ লাভ কৰিব ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে।
লগতে পঢ়ক :Stormy start to Assam Assembly’s autumn session : অধিৱেশৰ প্ৰথম দিনাই উত্তাল সদন