Governor at Barpeta satra : বৰপেটা সত্ৰ দৰ্শন কৰি সত্ৰত মূৰ দোৱাই সেৱা জনালে ৰাজ্যপাল গোলাব চান্দ কাটাৰীয়া
বৰপেটা, ২৮ জুলাই : সত্ৰ নগৰী বৰপেটাত আজি উপস্থিত হয় অসমৰ ৰাজ্যপাল গোলাব চান্দ কাটাৰীয়া(Governor at Barpeta satra) । মহাপুৰুষ মাধৱদেৱ গুৰুজনাই প্ৰতিষ্ঠা কৰি থৈ যোৱা বৰপেটা সত্ৰ দৰ্শন কৰি শ্ৰীমন্ত শংকৰ দেৱ আৰু মাধৱ দেৱ গুৰুদুজনাৰ কথা স্মৰণ কৰে ৰাজ্যপাল গৰাকীয়ে(Assam Governor Gulab Chand Kataria visits Barpeta Satra) ৷
বৰপেটাত উপস্থিত হয় ৰাজ্যপাল গৰাকীয়ে কয় যে, ‘অসমলৈ অহাৰ পিছৰে পৰা মই সৰ্বত্ৰ দুজন লোকৰ চৰ্চা শুনি আহিছো (Assam Governor Gulab Chand Kataria visits Barpeta Satra)৷ এজন শ্ৰীমন্ত শংকৰদেৱ, আনজন মাধৱ দেৱ ৷ অসমৰ অধিকাংশ লোকেই এই গুৰুদুজনাক মানে ৷ শংকৰ-মাধৱ গুৰু দুজনাই এটা সময়ত বৈষ্ণৱ সংস্কৃতি ৰক্ষাৰ লগতে ধৰ্মৰ সৈতে মানুহক জড়িত কৰা প্ৰয়াস কৰিছিল ৷ সেয়ে ইমান বছৰ পিছতো তেওঁলোকক সকলোৱে স্মৰণ কৰি আহিছে ৷
তেওলোকৰ তপস্যা, সাধনা আৰু প্ৰচেষ্টাৰ লগতে তেওলোকে দি যোৱা শিক্ষাৰ বাবেই বৈষ্ণৱ ধৰ্ম আজি এনে উচ্চ শিখৰত উপনীত হৈছে ৷ এই সকলোৰে মূল হৈছে শংকৰদেৱ আৰু মাধৱদেৱ ৷ অনাগত দিনলৈ নৱপ্ৰজন্মই দুয়োগৰাকী মহাপুৰুষক সদায় স্মৰণ কৰি থাকিব বুলিও মন্তব্য কৰে ৰাজ্যপাল গৰাকীয়ে ৷
আনহাতে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ভাৰতবৰ্ষৰ অৰ্থনীতিৰ বিকাশৰ কথা প্ৰকাশ কৰি ৰাজ্যপাল গোলাব চান্দ কাটাৰীয়াই কয় যে ভাৰতবৰ্ষ অৰ্থনৈতিক দিশত বহুত সবল হৈছে ৷ নৰেন্দ্ৰ মোডী অহাৰ পূৰ্বে ভাৰতৰ অৰ্থনীতি বিশ্বৰ একাদশ স্থানত আছিল ৷ বৰ্তমান ভাৰতৰ স্থান পঞ্চমলৈ উন্নীত হৈছে ৷
অনাগত দুই তিনিবছৰৰ ভিতৰতে ভাৰতবৰ্ষই বিশ্বৰ তৃতীয় অৰ্থনীতিলৈ উন্নীত হব ৷ এইক্ষেত্ৰত জনতাৰ সহযোগ আৰু নৰেন্দ্ৰ মোডীৰ নেতৃত্বক প্ৰশংসা ৰাজ্যপাল গৰাকীৰ ৷
জানিব পৰা মতে, আজি অৰ্থাৎ শুকুৰবাৰে ৰাজ্যপালগৰাকীয়ে গুৱাহাটীৰ পৰা আহি বৰপেটা সত্ৰ দৰ্শনৰ লগতে জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক, নিৰাপত্তা সংস্থাসমূহৰ বিষয়া আৰু চৰকাৰী বিভাগৰ বিভাগীয় বিষয়াৰ সৈতে আৱৰ্ত ভৱনত এক বৈঠকত অংশ গ্ৰহণ কৰে ।
ইয়াৰ পিছতে ৰাজ্যপালগৰাকীয়ে সৰভোগৰ নিজ ডমকা আৰু বৰপেটাৰোডৰ দুখন গো-শালা পৰিদৰ্শন কৰে ৷ ৰাজ্যপালগৰাকীয়ে বৰপেটাৰোডৰ শ্ৰীদিগম্বৰ জৈন মন্দিৰো দৰ্শন কৰিব বুলি জানিব পৰা গৈছে ৷ ইপিনে সন্ধিয়াৰ ভাগত ৰাজ্যপালগৰাকীয়ে বৰপেটা আৱৰ্ত ভৱনত বিভিন্ন অনুষ্ঠানৰ প্ৰতিনিধি আৰু হিতাধিকাৰীৰে মত বিনিময় কৰিব ৷