Local, Vocal, Global

আগন্তুক অলাম্পিকৰ বাবে লাভনীনা- হিমাৰ দায়িত্ব ল’লে অসম চৰকাৰে

নিউজ ডেস্ক, ১৬ মাৰ্চঃ আগন্তুক পেৰিছ অলিম্পিকলৈ অসমৰ খেলুৱৈ ব্ৰঞ্জৰ পদক জয়ী লাভলীনা বৰগোঁহাই আৰু হিমা দাসৰ দায়িত্ব ল’লে অসম চৰকাৰে।

ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। এক সংবাদমেল যোগে এই কথা সদৰী কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।

লাভলীনা বৰগোঁহাইৰ অলিম্পিকৰ প্ৰস্তুতিৰ বাবে প্ৰশিক্ষকৰ কাৰণে ৰাজ্য চৰকাৰে মাহে আঢ়ৈ লাখকৈ টকা খৰচ কৰিব। লগতে হিমা দাসকো তেঁওৰ প্ৰশিক্ষণৰ বাবে মাহে এক লাখ টকাকৈ অহা অলিম্পিকত প্ৰস্তুতিৰ বাবে প্ৰদান কৰিব।

উল্লেখ্য যে, বিগত টকিঅ’ অলিম্পিকত লাভলীনা বৰগোঁহাইয়ে ব্ৰঞ্জৰ পদক অৰ্জন কৰি অসমৰ প্ৰথমগৰাকী অলিম্পিক পদক বিজয়ী ৰূপে ইতিহাস ৰচনা কৰে।