Assam government employees: ৰাজ্যৰ লাখ লাখ কৰ্মচাৰীৰ বাবে সুখবৰ
নিউজ ডেস্ক,২৬ছেপ্তেম্বৰ : ৰাজ্যৰ লাখ লাখ কৰ্মচাৰীৰ বাবে সুখবৰ।
মুখ্যমন্ত্ৰীয়ে কৰিলে বৃহৎ ঘোষণা । মুখ্যমন্ত্ৰীয়ে কৰা ঘোষণা অনুসৰি পাৰস্পৰিক বুজাবুজিৰে হ’ব কৰ্মচাৰীৰ বদলি।
ইয়াৰ বাবে ২ অক্টোবৰত মুকলি হ’ব নিৰ্দিষ্ট প’ৰ্টেল। নিৰ্দিষ্ট প’ৰ্টেলতহে বদলিৰ বাবে কৰিব লাগিব আবেদন। তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীয়েহে কৰিব পাৰিব আবেদন। ইয়াৰ বাবে প্ৰয়োজনীয় তথ্য দাখিলৰ নিৰ্দেশ প্ৰতিটো বিভাগৰ জ্যেষ্ঠ সচিবক। ইতিমধ্যে GADয়ে জাৰি কৰিছে প্ৰয়োজনীয় নিৰ্দেশনা(Assam government employees)।
লগতে পঢ়ক:Gamblers arrested in Nagaon : নগাঁৱত আৰক্ষীৰ অভিযান; আটক ২৪জন জুৱাৰী