Assam government declares January 22 as ‘dry day’ to mark Ram Mandir consecration : ২২জানুৱাৰীত ড্ৰাই ডে’ ঘোষণা;ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ কাৰ্যসূচীৰ বাবে ড্ৰাই ডে ঘোষণাৰ সিদ্ধান্ত

নিউজ ডেস্ক, ৮ জানুৱাৰী : দেশজুৰি প্ৰস্তুতি অযোধ্যাত ৰাম মন্দিৰক লৈ ।২২ জানুৱাৰীত প্ৰাণ প্ৰতিষ্ঠা হ’ব অযোধ্যাত ৰাম মন্দিৰ । অযোধ্যাত ৰাম মন্দিৰ এই ঐতিহাসিক দিনটোৰ বাবে বাট চাই আছে সমগ্ৰ দেশৰ লগতে সমগ্ৰ বিশ্ব ।
ভাৰতীয় জনতা পাৰ্টীয়ে অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ বিশাল কাৰ্যসূচী সমগ্ৰ দেশৰে বুথ পৰ্যায়ত পোনপটীয়াকৈ সম্প্ৰচাৰ কৰাৰ পৰিকল্পনা কৰিছে । ইতিমধ্যে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অগনন ভক্তই অযোধ্যালৈ যোৱাৰ বাবে যো-যা চলাইছে(Assam Declares Dry Day On January 22 To Mark Ram Temple Consecration) ৷
ইফালে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনটোক বিশেষ দিন হিচাপে গণ্য কৰি অসম চৰকাৰে গ্ৰহণ কৰিছে এক সিদ্ধান্ত ৷ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনটোত অসমত ড্ৰাই ডে’ হিচাপে ঘোষণা কৰিছে ৰাজ্য চৰকাৰে ৷
দেওবাৰে নিশা অনুষ্ঠিত ৰাজ্যিক কেবিনেটত লোৱা সিদ্ধান্তৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী হিমন্তই X ত কয়, ‘‘ শ্ৰীৰাম লাল্লাৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে ২২ জানুৱাৰীত অসমত ড্ৰাই ডে’ ঘোষণা কৰা হৈছে(Assam Declares Dry Day On January 22 To Mark Ram Mandir Consecration In Ayodhya) ।’’
উল্লেখ্য যে, ২২ জানুৱাৰীত প্ৰধানমন্ত্ৰী মোদীয়ে ৰাম মন্দিৰত ৰাম লাল্লাৰ মূৰ্তি স্থাপন কৰিব ৷ উক্ত অনুষ্ঠানটোৰ বাবে সকলো সম্প্ৰদায়ৰ ৪,০০০ সাধুকো আমন্ত্ৰণ জনোৱা হৈছে বুলি মন্দিৰ কমিটিয়ে জানিবলৈ দিছে(Assam government declares January 22 as ‘dry day’ to mark Ram Mandir consecration) ৷
দেওবাৰে নিশা অনুষ্ঠিত ৰাজ্যিক কেবিনেটত লোৱা সিদ্ধান্ত সমূহৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয়, ‘‘২২ জানুৱাৰীত অযোধ্যাত ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠাৰ বাবে উক্ত দিনটো অসমত ড্ৰাই ডে’ ঘোষণা কৰা হৈছে ৷
লগতে পঢ়ক : Air Attack in Northwestern Myanmar kills 17 : সামৰিক বাহিনীৰ এয়াৰ ষ্ট্ৰাইক; শিশুসহ নিহত ১৭জনকৈ লোক