Local, Vocal, Global

Drinking Water Issue : ধোঁৱাচাঙত চৰকাৰৰ হৰ ঘৰ নল, হৰ ঘৰ জল আঁচনি

গেলেকী,২৪ডিচেম্বৰ : উন্নয়নৰ ঢাক-ঢোল বজোৱা চৰকাৰৰ উন্নয়নৰ ফোঁপোলা স্বৰূপ । বিজেপি নেতৃত্বাধীন ৰাজ্যত প্ৰকৃততে কিমান উন্নয়ন হৈছে ? খবৰ লবলৈ আহৰি আছে নে জনপ্ৰতিনিধিৰ ? নে উন্নয়নৰ ঢাক-ঢোল বজোৱাত ব্যস্ত হৈ আছে । উন্নয়নৰ নমুনা দেখিলে হতভম্ভ হৈ পৰিব আপুনিও । একাংশই কেৱল যেন ৰাইজক ভোট বেংক হিচাপে ব্য়ৱহাৰ কৰি আহিছে ।

শাসনাধিষ্ঠ চৰকাৰখনৰ আঁচনিৰ সীমা-সংখ্যা নাই (Assam Gov Development Schemes) । বিভিন্ন আঁচনিৰ নামকৰণেৰে হিতাধিকাৰী সৃষ্টি কৰা এইখন চৰকাৰে নিজকে জনদৰদী হিচাবে দাবী কৰি আহিছে ।শাসনাধিষ্ঠ চৰকাৰখনে চৰকাৰী আঁচনিবোৰৰ ঢাক-ঢোল বজাই আহিছে বিভিন্ন প্ৰচাৰ মাধ্যমৰ জৰিয়তে ।

কিন্তু এই চৰকাৰী আঁচনিবোৰৰ পৰা প্ৰকৃততে কিমান উপকৃত হৈছে সৰ্বাসাধাৰণ ! উপযুক্ত ব্যক্তি তথা পৰিয়ালে লাভ কৰিছেনে আঁচনিবোৰৰ সুবিধা ? নে কেৱল প্ৰচাৰৰ চমকৰ বাবেই এইবোৰ আঁচনি ! এই আঁচনিবোৰে এতিয়াও ঢুকি পোৱা নাই একাংশ অঞ্চল তথা প্ৰকৃত হিতাধিকাৰীক ।

ধোঁৱাচাঙত চৰকাৰৰ হৰ ঘৰ নল, হৰ ঘৰ জল আঁচনি । যিসময়ত দেশত অমৃত কালৰ কথা কোৱা হৈছে, ৰাজ্য চৰকাৰে বিকশিত অসমৰ কথা কৈ ঢাক-ঢোল বজাইছে, উন্নয়নৰ অশ্বমেধ যাত্ৰাত ৰাজ্যত এতিয়া জয় জয় ময় ময় পৰিৱেশ বুলি ক’বলৈ চৰকাৰ বাহাদুৰে কুণ্ঠাবোধ কৰা নাই সেই সময়ত নাজিৰৰ একাংশ গঞাই এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে ।এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিছে নাজিৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত গেলেকী চতুৱা চাপৰিৰ ।বিগত কেইবামাহো ধৰি এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিছে এই অঞ্চলৰ ৰাইজে ।

হাতীপটি জ্যোতিনগৰ পানী যোগান আঁচনিৰ এই সকল লোকে বৰ্তমান বিশুদ্ধ খোৱা পানীৰ বাবে ভুগিছে যমৰ যান্ত্ৰনা(Drinking Water Issue)।

পানী সংযোগী পাইপ লাইন আছে যদিও এটুপিও পানী নোলা‌ই পাইপেৰে ।

বিগত কেইবামাহো ধৰি স্থানীয় লোকে নৈৰ লেতেৰা পানী ব্যৱহাৰ কৰি আহিছে এই অঞ্চলৰ ৰাইজে ।যাৰ বাবে বৰ্তমান বেমাৰৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি হোৱাৰ শংকা উপজিছে ।

উল্লেখযোগ্য যে বিগত দুমাহত এই নদীত অ’,এন,জি,ছিৰ কেমিকেল মিহলি হৈ ভয়াবহ প্ৰদূষণৰ সৃষ্টি হৈছিল।স্থানীয় ৰাইজৰ হুংকাৰ পঞ্চায়ত নিৰ্বাচনৰ পুৰ্বে খোৱা পানীৰ ব্যৱস্থা কৰি নিদিলে এই অঞ্চলৰ ৰাইজে ভোট বৰ্জন কৰিব।

লগতে পঢ়ক :Youn man arrested for riding bike dangerously : চলন্ত বাইকত বৌৱেক-দেওৰেকৰ উৰন্ত চুমা!