Local, Vocal, Global

WATCH | Assam Gaurav Award : চাহ জনগোষ্ঠীৰ অগ্রণী ৰাম চাচনীলৈ অসম গৌৰৱ

ডিব্ৰুগড়,১০ মাৰ্চ : কেইবাগৰাকীও বিশিষ্ট ব্যক্তিলৈ অসম গৌৰৱ বঁটা। চাহ জনগোষ্ঠীৰ অগ্রণী ৰাম চাচনীলৈ অসম গৌৰৱ। ডিব্ৰুগড় কন্ঠ শিল্পী ৰাম চাচনীয়ে মনৰ অনুভৱ প্ৰকাশ কৰিলে আমাৰ সাংবাদিকৰ আগত।

১৯৫০ চনৰ ২৭ ফেব্ৰুৱাৰীত ডিব্ৰুগড় জিলাৰ চেপন চাহ বাগিচাত জন্ম । বাগিচাৰ প্ৰাইমাৰী স্কুলত ১৯৫৫ চনত স্কুলীয়া শিক্ষা আৰম্ভ । ১৯৫৯ চনত এল, পি, বৃত্তি লাভ কৰি মৰাণ ৰামচন্দ্ৰ আগৰৱালা উচ্চ ইংৰাজী বিদ্যালয়ত নাম ভৰ্তি(Assam Gaurav Award)।

১৯৬২ চনত সদৌ অসম ভিত্তিত এম, ই, বৃত্তি পৰীক্ষাত ৭ম স্থান প্ৰাপ্ত আৰু বৃত্তি লাভ । একেখন বিদ্যালয়ৰ পৰা ১৯৬৭ চনত প্ৰথম বিভাগত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ আৰু জাতীয় বৃত্তি লাভ । ১৯৬৮ চনত ডিব্ৰু কলেজৰ পৰা বিজ্ঞান শাখাত পি, ইউ, পৰীক্ষাত উত্তীৰ্ণ হৈ শিৱসাগৰ কলেজত স্নাতকৰ বিজ্ঞান শাখাত নাম ভৰ্তি । শিৱসাগৰ মহাবিদ্যালয়ত ১৯৬৯ বৰ্ষৰ শ্ৰেষ্ঠ গায়কৰ সন্মান লাভ । আৰ্থিক সমস্যাৰ বাবে ১৯৭০ চনত অসম চাহ বাগিচা ভৱিষ্যনিধি আঁচনিৰ ডিব্ৰুগড় সংমণ্ডল কাৰ্যালত নিম্নবৰ্গ সহায়কৰ পদত যোগদান । ডিব্ৰুগড়তেই সংগীত আৰু সাহিত্য চৰ্চা আৰম্ভ । ১৯৭৩ চনত অসম চাহ মজদুৰ সংঘৰ দ্বাৰা নিৰ্মিত “ৰতন লাল” কথাছবিত গীত পৰিবেশন । ১৯৭৫ চনত আকাশ বাণী ডিব্রুগড় কেন্দ্রৰ দ্বাৰা প্ৰচাৰিত চাহ শ্ৰমিকৰ ” আচৰ ” অনুষ্ঠানৰ অস্থায়ী ঘোষক হিচাপে যোগদান । ১৯৭৭ চনত আকাশবাণীৰ আধুনিক গীতৰ শিল্প হিচাপে স্বীকৃতি লাভ । আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ আচৰ অনুষ্ঠানত নাটক, সংগীতালেখ্য প্ৰযোজনা আৰু কথিকা আদি প্ৰচাৰ । ১৯৭৮ চনত নুমলী তাঁতীৰ লগত বিবাহ ।

১৯৮৭ চনত ডঃ ভূপেন হাজৰিকাৰ সংগীত নিৰ্দেশনাত ” ছিৰাজ” ( পুনৰ্নিৰ্মিত) কথাছবি আৰু জাহ্নু বৰুৱাৰ নিৰ্দেশনাত নিৰ্মিত টৈলিফিল্ম ” বনানী” ত গীত পৰিবেশন । ১৯৯৩ চনত পদ্ম কৈৰীৰ দ্বাৰা প্ৰযোজিত আৰু অভিনীত চাহ জনগোষ্ঠীৰ জীৱন আধাৰিত জনপ্ৰিয় ধাৰাবাহিক ” শিৰীষ” ৰ শীৰ্ষ গীত ৰচনা , কণ্ঠদান আৰু সংগীত পৰিচালনা ।১৯৯৭ চনত বুলু কাঞ্চন প্ৰোডাকচনৰ দ্বাৰা নিৰ্মিত আৰু পদ্ম কৈৰী অভিনীত “বুধু অৰ্জুন ” কথাছবিত যুটীয়াভাবে সংগীত পৰিচালনা আৰু গীত পৰিবেশন । পদ্ম কৈৰীৰ প্ৰযোজনাত দূৰদৰ্শনৰ আন দুখন ধাৰাবাহিক – ” দয়াৰাম ” (২০০০ চনত) আৰু “মনফুলেৰ মালা” (২০০৩ চনত) ত সংগীত পৰিচালনা । ২০০২ চনত পদ্ম কৈৰীৰ দ্বিতীয় কথাছবি “মা”ত অভিনয় ।২০১০ চনত সহঃ ভৱিষ্যনিধি আয়ুক্ত হিচাবে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ ।
সাংস্কৃতিক কৰ্মৰ বাবে “দেওৰাম তাছা শিল্পী বঁটা”,
“শিৰীষ বঁটা” , “চেনীৰাম কুৰ্মী সোঁৱৰণী বঁটা” আৰু ” ২০২৩ বৰ্ষ জীৱন জোৰা লোক কৃষ্টি সাধনা বঁটাৰে সন্মানিত ।
অৱসৰৰ পাছত চাহ জনগোষ্ঠীৰ লোক সংগীতৰ প্ৰশিক্ষণ আৰু গৱেষণা মূলক কামত জড়িত ।

লগতে পঢ়ক : Watch | Rangia News : ৰঙিয়াত বিশ্ব শান্তিৰ বাবে একনাম সংকীৰ্ত্তন মহোৎসৱ