WATCH | Assam Gaurav Award : ঘোষণা কৰা হ’ল ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান

বৰপেটা,১০মাৰ্চ : অসম চৰকাৰৰ বিশেষ বঁটা ঘোষণাত কাঁহ পিতল শিল্পৰ পিঠস্থান সৰ্থেবাৰীত আনন্দৰ জোৱাৰ ।
বৰপেটা জিলাৰ সৰ্থেবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত বনিয়াকুছি গাঁৱৰ হৰিদাস দাসলৈ অসম চৰকাৰৰ পৰা আগবঢ়োৱা হৈছে অসম গৌৰৱ বঁটা ।
সৰ্থেবাৰীৰ বনিয়াকুছিৰ পিতল শিল্পীলৈ বিশেষ স্বীকৃতি ।
যশস্বী শিল্পী হৰিদাস দাসক অসম গৌৰৱ বঁটাৰ বাবে নিৰ্বাচিত কৰাত সমগ্ৰ অঞ্চলটোৰ লগতে উৎসাহিত হৈছে শিল্পী সমাজ(Assam Gaurav Award)।
আজি অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সংবাদ মেলত ঘোষণা কৰে এই বঁটা ।
বিগত ২৮ বছৰে হৰিদাস দাসে পিতল শিল্পৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে ।
পিতলৰ চলন্ত ট্ৰেইন,বিভিন্ন ভগৱানৰ মূৰ্তি,পিতলৰ কলগছ সাপ,কলচি আদিৰে চমক সৃষ্টি কৰিছিল হৰিদাস দাসে ।
আনহাতে হৰিদাস দাসে চৰকাৰৰ এই পদক্ষেপক ধন্যবাদ জ্ঞাপন কৰে।
লগতে পঢ়ক: WATCH | Assam Gaurav Award : ঘোষণা কৰা হ’ল ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান