WATCH | Assam Gaurav Award : ঘোষণা কৰা হ’ল ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান

উত্তৰ গুৱাহাটী,১০মাৰ্চ : ঘোষণা কৰা হ’ল ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান।
হাতীৰ কল্যাণৰ বাবে নীৰৱে কাম কৰা ‘হাতী বন্ধু’ লৈ আগবঢ়োৱা হৈছে ‘অসম গৌৰৱ’ বঁটা ।
উল্লেখ্য, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ ” মন কী বাত”অনুষ্ঠানত উচ্চ প্ৰশংসা কৰিছিল হাতী বন্ধুক । বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰি প্ৰধানমন্ত্ৰীয়ে কৰা উচ্চ প্ৰশংসা সম্পৰ্কত নিজৰ ফেচবুক পেজত কৃতজ্ঞতা প্ৰকাশ কৰিছিল মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই(Assam Gaurav Award)।
যিটো সময়ত হাতী আৰু মানুহৰ মাজত সংঘাত হোৱা বুলি প্ৰায়ে বাতৰি প্ৰকাশ হৈ আহিছে সেই একে সময়তে হাতী আৰু মানুহৰ মাজত মধুৰ সম্পৰ্ক স্থাপন কৰিবলৈ “হাতী বন্ধু” নামেৰে এটা স্বেচ্ছাসেৱী সংগঠনে যোৱা প্ৰায় ৮ বছৰ ধৰি নীৰৱে কাম কৰি আহিছে ।
সংগঠনটোক অসম গৌৰৱ বঁটাৰে সন্মানিত কৰাত সংগঠনটোৰ জন্মদাতা উত্তৰ গুৱাহাটী নিবাসী প্ৰদীপ কুমাৰ ভূঞা আৰু তেওঁৰ সহকৰ্মী সকল উৎসাহিত হৈ পৰিছে ।
২০১৭ চনতে আৰম্ভ কৰা “হাতী বন্ধু” সংগঠনটোৰ দ্বাৰা এতিয়ালৈকে প্ৰায় ৬০০ হাতী উপকৃত হোৱাৰ লগতে ১২০ খন গাৱৰ ৰাইজ উপকৃত হোৱা বুলি উল্লেখ কৰিছে সংগঠনটোৰ জন্মদাতা প্ৰদীপ কুমাৰ ভূঞাই ।
তেওঁ লগতে কয় যে ২০১৮ চনত তেওঁলোকে নগাঁৱৰ ৰঙহাং গাঁৱৰ ৰাইজক লগত লৈ হাতীৰ বাবে কৰা ধান খেতি আৰু ঘাঁহ খেতিয়ে হাতী আৰু মানুহৰ সংঘাট আঁতৰাই বন্ধুত্ব স্থাপন কৰিবলৈ সক্ষম হৈছিল ।
বৰ্তমান অসমত মাত্ৰ ৫০০০ মান হাতীহে আছে বুলি উল্লেখ কৰি প্ৰকৃতি প্ৰেমী ভূঞাই কয় যে স্বাধীনতাৰ পূৰ্বে অসমত হাতী ৰ সংখ্যা আছিল এক লাখতকৈও অধিক ।
অসমত হাতীৰ সংখ্যা দ্ৰুতগতিত কমি অহাৰ বাবে দুখ প্ৰকাশ কৰি নব্বৈৰ দেওনা পাৰ কৰা ভূঞাই উল্লেখ কৰে যে হাতী মানুহৰ মাজত আমি সম্পৰ্ক গঢ়িব লাগিব ।
লগতে পঢ়ক :WATCH | Gossaigaon News: হৰিনামৰ ধ্বনিৰে মুখৰিত হৈছে সাপটগ্ৰামৰ কদমতলা অঞ্চল