WATCH | Assam floods: বানৰ কৱলত কচুৱাৰ বিস্তৃৰ্ণ অঞ্চল
কামপুৰ,৩১মে’ : কেইবাদিন ধৰি হৈ থকা নেৰা নেপেৰা বৰষুণৰ ফলত কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ পাঁচখনকৈ চুইজ গেটেৰে পানী এৰি দিয়াৰ ফলত নিশাটোৰ ভিতৰত বুৰ গৈছে কচুৱাৰ বিস্তৃৰ্ণ অঞ্চল(Assam floods)।
বৰপানী নদীৰ ভগ্ন মথাউৰিৰে পানী সোমাই শ শ গাওঁ প্লাৱিত কৰাৰ লগতে হাজাৰ হাজাৰ বিঘা কৃষিভূমি বিনষ্ট হৈছে। ৰহা সমষ্টিৰ কচুৱাৰ জুৰিৰপাৰ,লংজাপ পদুমণি, জাৰণি , মাধৱপাৰা, শিঙিমাৰী আদি অঞ্চল বানৰ কৱলত পৰিছে। জুৰিৰপাৰ,মাধৱপাৰাৰ কেইবাখনো পথৰ ওপৰদি পানী বাগৰি যোৱাত যাতায়ত ব্যৱস্থা ব্যাহত হোৱাৰ লগতে দাঁতিকাষৰীয়া অঞ্চলৰ লোকৰ ঘৰ দুৱাৰত হুৰাহুৰে সোমাইছে বাঢ়নী পানী। ইপিনে নিৰাপদ ঠাই বিচাৰি বানাক্ৰান্তৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ।
লগতে পঢ়ক : WATCH | World No Tobacco Day 2025: আজি বিশ্ব ধঁপাত বিৰোধী দিৱস