Assam flood situation worsens : ৰাজ্যত ক্রমাৎ ভয়াৱহ হৈ পৰিছে বান পৰিস্থিতি;ৰাজ্যৰ ২৯খন জিলাৰ প্ৰায় ২,৮০০খন গাঁও বানৰ কৱলত

নিউজ ডেস্ক,৪জুলাই : ৰাজ্যত অপৰিৱৰ্তিত বান পৰিস্থিতি।বিগত কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যত বানে লৈছে ভয়ংকৰ ৰূপ।
ৰাজ্যৰ ২৯খন জিলাৰ প্ৰায় ২,৮০০খন গাঁও বানৰ কৱলত। ৰাজ্যত বৰ্তমানলৈ বানত আক্ৰান্ত হৈছে ১৬,২৫,০৮৯ গৰাকীকৈ লোক।
ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস পোৱাৰ ফলত সামান্য পৰিমাণে হ্ৰাস পাইছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বানৰ প্ৰকোপ। তথাপিও বন্য জীৱকূলৰ মাজত হাহাকাৰ অৱস্থা। আজিও ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ ২২৩টা বন শিবিৰৰ ১৭৮টা বন শিবিৰ জলমগ্ন হৈ আছে। বানৰ প্ৰকোপত ওখ স্থান বিচাৰি একাংশ বন্যপ্ৰাণীয়ে আশ্ৰয় লৈছে উদ্যানৰ হাইলেণ্ড আৰু কাৰ্বি পাহাৰত। আনহাতে একাংশ ওলাই আহি আশ্ৰয় লৈছে জনাঞ্চলত। বুধবাৰে নিশা মানুহৰ পাকঘৰত, শুৱনি কোঠাত আশ্ৰয় লোৱা পহু উদ্ধাৰ কৰে বন বিভাগে।
তৃতীয় দিনাও অপৰিৱৰ্তিত হৈ আছে কলিয়াবৰৰ বান পৰিস্থিত। হাতীমুৰা মথাউৰি ভাঙি কলঙে সৃষ্টি কৰা বানে ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে। মথাউৰি, ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত অস্থায়ী শিৱিৰৰ লগতে জখলাবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আশ্ৰয় লৈছে বন্যাৰ্তই(Assam flood situation worsens)।
ইফালে বৰপেটাৰ ভোগেৰপাৰ গাঁৱত ব্ৰহ্মপুত্ৰৰ বানত সম্পূর্ণৰূপে জলমগ্ন হৈ পৰিছে। গাঁওখনৰ প্ৰতিটো পৰিয়ালৰ ঘৰৰ ভিতৰত এবুকু পৰ্যন্ত পানী সোমাইছে। দেওবাৰৰ পৰাই ব্ৰহ্মপুত্ৰৰ পানী সোমাই গাঁওখন সম্পূৰ্ণৰূপে ডুবাই পেলায়। গাঁওবাসী এতিয়া আশ্ৰয় লৈছে বহৰি-বাঘবৰ মথাউৰিত। সোমবাৰৰ পৰা মথাউৰিত আশ্ৰয় লৈ থকা পৰিয়ালসমূহে বান সাহায্য পোৱা নাই আৰু খোৱাপানীৰো কোনো যোগান নাই। গৰু-ছাগলীৰ বাবেও নাই কোনো পশুখাদ্য, যাৰ ফলত চৰম সমস্যাৰ সন্মুখীন হৈছে বানপীড়িত লোকসকলে।
ক্ৰমান্নয়ে বান পৰিস্থিতিয়ে জটিল ৰূপ ধাৰণ কৰিছে দক্ষিণ কামৰূপৰ সোণতলীত ৷ বৰ্তমানেও বৃদ্ধি পাই আছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ। বিপদসীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰৰ পানী। বৃহত্তৰ সোণতলীৰ প্ৰতিখন গাঁও সম্প্ৰতি পানীৰ তলত ৷ বানৰ পানীত ডুৱ গৈছে বিভিন্ন শস্যৰ পথাৰ ৷