Local, Vocal, Global

Assam flood situation worsens : দৰং জিলাৰ মঙলদৈত পানীৰ কোবাল সোঁতত উটি গ’ল এখন ট্ৰেক্টৰ

নিউজ ডেস্ক,২জুলাই : বিগত কিছুদিন ধৰি ৰাজ্যত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত বানে লৈছে ভয়ংকৰ ৰূপ । বৃদ্ধি হৈছে নদী-উপনদীৰ জলপৃষ্ঠ । জলমগ্ন হৈছে ৰাজ্যৰ বিস্তীৰ্ণ অঞ্চল ।

ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ দৰং জিলাৰ তথা ইয়াৰ কাষৰীয়া বিভিন্ন অঞ্চলত বানে লৈছে ভয়ংকৰ ৰূপ(Assam flood situation worsens) ।

বানৰ মাজতে দৰং জিলাৰ মঙলদৈত সংঘটিত হৈছে এক অঘটন। মঙলবাৰে বৃহত্তৰ অঞ্চলটিৰ অন্তৰ্গত বাঘ পৰিত পানীৰ কোবাল সোঁতত উটি গ’ল এখন ট্ৰেক্টৰ ।

নেৰানেপেৰা বৰষুণৰ ফলত বাঢ়নী পানী আহি ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে বাগৰি গৈছে। ফলত ঘাট পাৰ অঞ্চললৈ যোৱা পথছোৱা পানীত ডুব যোৱাৰ ফলত কিছু সংখ্যক লোক ট্ৰেক্টৰেৰে অহা যোৱা কৰি আহিছে। এনেদৰে আহি থকাৰ মাজত আজি ২ নং স্লপিংৰ পানীৰ কোবাল সোঁতত উটি যায় এখন ট্ৰেক্টৰ।

জানিব পৰা মতে ট্ৰেক্টৰখনত ২০/২৫ জন লোক আছিল। প্ৰায় সংখ্যকে সাতুৰি ওখ ঠাইত উঠিছে যদিও ট্ৰেক্টৰখনৰ তলত কোনো লোক ৰৈ যোৱাৰ সন্দেহ কৰিছে স্থানীয় লোকে। ইতিমধ্যে আৰক্ষী আৰু এছ ডি আৰ এফ বাহিনী ঘটনাস্থলীত উপস্থিত হৈছে।

লগতে পঢ়ক : প্ৰায় ২ ঘন্টা ধৰি পানীৰ মাজত আবদ্ধ MV LINGIRI Assam 2506 নামৰ জাহাজ খন