Assam flood situation worsens : জামুগুৰিহাটৰ দক্ষিণাঞ্চলৰ খলিহামাৰীত ভয়াবহ হৈ পৰিছে বানপৰিস্থিতি
জামুগুৰিহাট,২জুলাই : বিগত কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্য বানে লৈছে ভয়ংকৰ ৰূপ।বানৰ ফলত ৰাজ্যৰ ১৪ খন জিলা প্লাৱিত হৈছে। বৃদ্ধি হৈছে নদী-উপনদীৰ জলপৃষ্ঠ । জলমগ্ন হৈছে ৰাজ্যৰ বিস্তীৰ্ণ অঞ্চল(Assam flood situation worsens) ।
ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ তেজপুৰ তথা ইয়াৰ কাষৰীয়া বিভিন্ন অঞ্চলত বানে লৈছে ভয়ংকৰ ৰূপ । জামুগুৰিহাটৰ দক্ষিণাঞ্চলৰ খলিহামাৰীত ভয়াবহ হৈ পৰিছে বানপৰিস্থিতি। সংহাৰী ৰূপ ধাৰণ কৰা বানৰ কৱলত ১ নং খলিহামাৰী আৰু ২ নং খলিহামাৰীকে ধৰি প্ৰায় ১০ খনকৈ গাঁৱৰ ৰাইজ।
ব্ৰহ্মপুত্ৰৰ উপ নৈ ঘিলাধাৰী নৈৰ পানী ফেনে ফুটুকাৰে উপচি পৰাত অঞ্চলটোৰ ন ন অঞ্চল প্লাবিত হৈ পৰিছে ৷ যাৰ ফলত শংকিত হৈ পৰি বিগত দুদিন ধৰি বিনিদ্ৰ ৰজনী কটাইছে অঞ্চলবাসীয়ে।
বছৰৰ প্ৰথমটো বানত আক্ৰান্ত এইসকল ৰাইজে বৰ্তমানলৈকে চৰকাৰৰ তৰফৰ পৰা কোনো ধৰনৰ বান সাহাৰ্য্য পোৱা নাই বুলি অভিযোগ কৰিছে ৰাইজে(Assam flood situation worsens) ৷
লগতে পঢ়ক : Silapathar Flood Situation Grim : ব্ৰহ্মপুত্ৰ বাঢ়নী পানীয়ে বুৰাই পেলালে চিলাপথাৰৰ বিস্তীৰ্ণ অঞ্চল!