Assam flood situation worsens : ৰাজ্যত ক্রমাৎ ভয়াৱহ হৈ পৰিছে বান পৰিস্থিতি;বানত প্লাবিত হৈছে ১৪ খনকৈ জিলা

নিউজ ডেস্ক,২জুলাই : ৰাজ্যত ক্রমাৎ ভয়াৱহ হৈ পৰিছে বান পৰিস্থিতি। বানত প্লাবিত হৈছে এখনৰ পাছত আনখন জিলা। প্লাৱিত হৈছে ৰাজ্যৰ ১৪ খনকৈ জিলাৰ ৬৯৮ খন গাঁও। মাজুলী, কাজিৰঙা,কলিয়াবৰৰ লগতে চাবুৱা,নগাঁও, তিনিচুকীয়া,ছিপাঝাৰ আদি অঞ্চল বৰ্তমান বানৰ কবলত।
ইফালে মাজুলীত বানৰ ফলত এক অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। বানৰ ফলত আউনীআটী সমীপৰ আলিমুৰত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয়।
ক্রমে জটিল হৈ পৰিছে কাজিৰঙাৰ বান পৰিস্থিতি। বানাক্ৰান্ত কাজিৰঙাৰ পৰা নিৰাপদ আশ্ৰয়ৰ সন্ধানত জাকে জাকে ওলাই আহিছে বন্যজীৱ। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি দক্ষিণৰ কাৰ্বি পাহাৰলৈ ধাৱমান হৈছে হাতী আৰু পহুৰ জাক(Assam flood situation worsens)।
ছিপাঝাৰৰ শলপাম গাঁৱৰ ননৈ নদীৰ শ্লুইছ গেট নোখোলাকৈ হুৰাহুৰে ওলাইছে ননৈ নদীৰ বাঢ়নী পানী। শ্লুইছ গেটৰ এনে বিসংগতিক লৈ ৰাইজৰ মাজত এক হাঁহাকাৰ পৰিস্থিতিৰ লৃষ্টি হৈছে। গেটৰ অংশৰে ওলোৱা বাঢ়নী পানীয়ে জলমগ্ন কৰিব শলপাম কছাৰীদল গৰৈমাৰা শিঙিমাৰী আদিৰ লগতে কেইবাখনো গাঁও।
ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী বাগৰাৰ ফলত প্ৰশাসনে তামুলীপথাৰত থকা ৩খন শ্লুইছ গেট ইতিমধ্যে খুলি দিছে ৷ যাৰ ফলত নতুনকৈ ন ন অঞ্চল প্লাবিত হৈ পৰিছে। যাৰ ফলত আতংকিত হৈ পৰিছে গঞা ৰাইজ ৷ মাথাউৰিৰে পানী বাগৰা অংশত জল সম্পদ বিভাগে বস্তাৰে ভেটা দিয়াৰ চেষ্টা কৰিছে যদিও বিফল হোৱা পৰিলক্ষিত হৈছে ৷ ইফালে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী ক্ৰমাৎ বৃদ্ধি পাই থকাৰ বাবে আতংকিত হৈ পৰিছে বানাক্ৰান্ত ৰাইজ ৷ সকলোৱে নিজৰ নিজৰ ঘৰৰ সামগ্ৰী নিৰাপদ স্থানত ৰাখিছে ৷ নিজৰ ঘৰখনত পানী সোমালে শিবিৰত থাকিবৰ বাবেও সাজু হৈ আছে ৰাইজ ৷