Local, Vocal, Global

Assam Flood Situation Grim : ধুবুৰী জিলাৰ বৃহত্তৰ অঞ্চল বিলাসীপাৰাত তাণ্ডৱ বানৰ

নিউজ ডেস্ক,৪জুলাই : ৰাজ্যত ক্রমাৎ ভয়াৱহ হৈ পৰিছে বান পৰিস্থিতি। বানত প্লাবিত হৈছে এখনৰ পাছত আনখন জিলা। প্লাৱিত হৈছে ৰাজ্যৰ ২৯খন জিলাৰ প্ৰায় ২,৮০০খন গাঁও। ৰাজ্যত বৰ্তমানলৈ বানত আক্ৰান্ত হৈছে ১৬,২৫,০৮৯ গৰাকীকৈ লোক

ব্ৰহ্মপুত্ৰ, বৰাকৰ লগতে আন আন নৈ সমূহো বিপদসীমাৰ ওপৰেৰে বৈ আছে ৷ দিনে দিনে জটিল ৰূপ ধাৰণ কৰিছে ৰাজ্যৰ বান পৰিস্থিতিয়ে ৷

ধুবুৰী জিলাৰ বৃহত্তৰ অঞ্চল বিলাসীপাৰাতো তাণ্ডৱ চলাইছে বানে ৷ মহকুমাটোৰ মাছানেৰ আলগা, হাতীপোতা, বাহিৰ ছুৱাপাতা, কাজাইকাটা-ছুৱাপাতা, কাজাইকাটা, গুটিপাৰা, মায়াৰচৰ, নায়েৰ আলগা, বয়জেৰ আলগা আদিকে ধৰি প্ৰায় ১০-১৫ খনকৈ গাওঁ পঞ্চায়তৰ অন্তৰ্গত প্ৰায় ১৫০-২০০ খন গাঁৱত তাণ্ডৱ চলিছে বানৰ(Assam Flood Situation Grim) ৷

হাজাৰ হাজাৰ বানাক্ৰান্তই এসাঁজ ভাতৰ বাবে, এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰা পৰিলক্ষিত হৈছে ৷ ৰাইজৰ লগতে পশুধনৰো একেই আলাই-আথানি হৈছে ৷ ইফালে বিলাসীপাৰা মহকুমাৰ হাতীপোতা গাঁও পঞ্চায়তৰ অন্তৰ্গত হাতীপোতা দ্বিতীয় খণ্ড গাঁৱত বানে পকী দলঙৰ লগতে এটা বিদ্যুৎ ট্ৰেন্সফৰ্মাৰ উটুৱাই নিয়ে ৷

ৰাইজৰ এই দুৰ্দিনৰ সময়তো কিন্তু কোনো এগৰাকী জনপ্ৰতিনিধিক উক্ত অঞ্চলত উপস্থিত হোৱা দেখা নগ’ল ৷ যাৰ পৰিপ্ৰেক্ষিতত ক্ষুব্ধ হৈ পৰিছে বানাক্ৰান্ত লোকসকল ৷ বৃহত্তৰ ধুবুৰী সমষ্টিৰ নৱ নিৰ্বাচিত সাংসদ ৰকিবুল হুছেইন, স্থানীয় বিধায়ক হাফিজ বছিৰ আহমেদ কাছিমিৰ লগতে বিভাগীয় কোনো এজন লোকেই বানে ধোৱা অঞ্চলত উপস্থিত নোহোৱা বুলি ৰাইজে অভিযোগ তোলে ৷

উল্লেখ্য যে, ঘৰ-বাৰী, মাটি-ভেটি বলিয়া বানৰ বুকুত বিলীন হোৱাৰ উপৰিও বুধবাৰৰ দিনটোত ৰাজ্যৰ ভিন্ন প্ৰান্তত বানত প্ৰাণ হেৰুৱালে 8 গৰাকীকৈ লোকে ৷ যাৰ ফলত চলিত বছৰৰ বানত মৃত্যু ‌হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে 46 গৰাকীলৈ ৷

লগতে পঢ়ক : Two poachers arrested in Kaziranga with Hog Deer meat : কাজিৰঙাৰ বাগৰিত উদ্ধাৰ হৰিণাৰ মাংস; গ্ৰেপ্তাৰ দুই যুৱকক