Local, Vocal, Global

Assam, exam pattern change for HS 1st year: ২০২৫ বৰ্ষৰ পৰা সলনি হ’ব উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ প্ৰশ্ন কাকতৰ আৰ্হি আৰু পদ্ধতি

নিউজ ডেস্ক,১৫অক্টোবৰ : ২০২৫ বৰ্ষৰ পৰা সলনি হ’ব উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ প্ৰশ্ন কাকতৰ আৰ্হি আৰু পদ্ধতি। ASSEBয়ে জাৰি কৰিলে প্ৰয়োজনীয় নিৰ্দেশনা। মুঠ ১২ টা বিষয়ৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব এই নিৰ্দেশনা।

নিৰ্দেশনা অনুসৰি, থিয়’ৰীৰ মুঠ নম্বৰৰ ৫০ শতাংশ হ’ব MCQ ভিত্তিক। বাকী ৫০ শতাংশ হ’ব অতি চুটি, চুটি আৰু দীঘল প্ৰশ্ন। ২০২৫ বর্ষৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বর্ষৰ কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ পৰীক্ষাত হ’ব এই নতুন নিয়ম(Assam, exam pattern change for HS 1st year)।

বিজ্ঞান শাখাত পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু জীৱ বিজ্ঞানত প্ৰযোজ্য হ’ব এই নিয়ম। এই তিনিটা বিষয়ৰ ৭০ নম্বৰৰ ভিতৰত ৩৫ নম্বৰ বিকল্প আৰু আন ৩৫ নম্বৰৰ প্ৰশ্ন হ’ব অতি চুটি, চুটি আৰু দীঘল। একেদৰে, গণিত বিষয়ৰ ১০০ নম্বৰৰ ভিতৰত ৫০ নম্বৰ হ’ব MCQভিত্তিক আৰু ৫০ শতাংশ হ’ব চুটি, অতি চুটি আৰু দীঘল প্ৰশ্ন। কলা শাখাত ৰাজনীতি বিজ্ঞান আৰু অৰ্থনীতি বিজ্ঞানত ৮০ নম্বৰৰ ভিতৰত থাকিব ৪০ নম্বৰৰ বিকল্প প্ৰশ্ন, আন ৪০ নম্বৰ হ’ব চমু, অতি চমু আৰু দীঘল প্ৰশ্ন।

শিক্ষা, তৰ্ক আৰু দৰ্শনশাস্ত্ৰত থাকিব ৫০ নম্বৰৰ বিকল্প প্ৰশ্ন। বাকী ৫০ নম্বৰত থাকিব চমু, অতি চমু আৰু দীঘল প্ৰশ্ন। বাণিজ্য শাখাত ব্যৱসায়িক অধ্যয়ন, একাউণ্টেন্সী আৰু ফাইনেন্স বিষয়ৰ থিয়’ৰীৰ ৮০ নম্বৰৰ ভিতৰত ৪০ নম্বৰ MCQভিত্তিক প্ৰশ্ন। বাকী ৪০ নম্বৰত থাকিব চমু, অতি চমু আৰু দীঘল প্ৰশ্ন।

লগতে পঢ়ক :NPPA revises ceiling prices of 8 drugs :পুনৰ জনসাধাৰণক মাধমাৰ! পুনৰ বৃদ্ধি হ’ব জীৱনদায়িনী ঔষধৰ দাম