Assam Education Minister inaugurates mangaldoi book fair 2024: মঙলদৈ গ্ৰন্থমেলা উদ্বোধন শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ
মঙলদৈ,৯ডিচেম্বৰ : মঙলদৈ প্ৰেছ ক্লাবৰ উদ্যোগত আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাৰ সহযোগত দেওবাৰৰ পৰা মঙলদৈ গান্ধী ময়দানত চতুৰ্থ বাৰ্ষিক গ্ৰন্থমেলা ২০২৪ আৰম্ভ হয়।এই গ্ৰন্থমেলা উদ্বোধন কৰে ৰাজ্যৰ শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে । গ্ৰন্থমেলা উদযাপন সমিতিৰ সভাপতি তথা সাংসদ দিলীপ শইকীয়াৰ সভাপতিত্বত হোৱা উদ্বোধনী অনুষ্ঠানত ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ তথা ৰাজ্যসভাৰ সাংসদ ‘অসম বৈভৱ’ ৰঞ্জন গগৈ মুখ্য অতিথি হিচাপে(Assam Education Minister inaugurates mangaldoi book fair 2024)।
গ্ৰন্থমেলাৰ উদ্বোধনী অনুষ্ঠানত ৰাইজক উদ্দেশ্যি শিক্ষা মন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য…”আমাৰ সংস্কৃতি, সভ্যতা সঞ্জীৱিত কৰি ৰাখিবলৈ আমি গ্ৰন্থ অধ্যয়ন কৰিবই লাগিব । ইণ্টাৰনেটৰ সহায়ত যদি আমি তথ্য লাভ কৰো সেয়া ভুল কৰা হ’ব । কাৰণ ইণ্টাৰনেটে বহু সময়ত ভুল তথ্য দিয়ে, কিন্তু কিতাপে কেতিয়াও ভুল তথ্য নিদিয়ে ।”
ইফালে যুৱ সাহিত্যিক বঁটাপ্ৰাপক ড৹ জুৰি দত্ত, ছিপাঝাৰৰ বিধায়ক ড৹ পৰমানন্দ ৰাজবংশী, মঙলদৈৰ বিধায়ক বসন্ত দাস, দলগাঁৱৰ বিধায়ক মজিবুৰ ৰহমান, অসম মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাস, বি টি আৰৰ কাৰ্যবাহী সদস্য দিগন্ত বৰুৱা, দৰং জিলা সাহিত্য সভাৰ সভাপতি ৰজনীকান্ত নাথ, গ্ৰন্থমেলা উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি ৰাজেন্দ্ৰ নাথ হাজৰিকা, মঙলদৈ প্ৰেছ ক্লাবৰ সভাপতি হোমেন কাকতি, বিশিষ্ট উদ্যোগপতি মুকুল চন্দ্ৰ ডেকা আদি উপস্থিত থাকে ।
গ্ৰন্থমেলাৰ মুখ্য অতিথি অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ৰঞ্জন গগৈ, মন্ত্ৰী ডাঃ ৰণোজ পেগু, ড৹ জুৰি দত্ত প্ৰমুখ্যে অতিথিসকলক গ্ৰন্থমেলাৰ মূল প্ৰৱেশদ্বাৰৰ পৰা গায়ন-বায়নেৰে মঞ্চলৈ আদৰি অনা হয় । শিল্পী প্ৰাঞ্জল শৰ্মাই আঁতধৰা অনুষ্ঠানটোত অতিথিসকলক গামোচা, চেলেং চাদৰ, অংগবস্ত্ৰ, শৰাই, স্মাৰক, সম্বৰ্ধনা পত্ৰ আদিৰে আদৰণি জনোৱা হয় । এই বছৰৰ দৰেই অহা বছৰো অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আৰু মঙলদৈ প্ৰেছ ক্লাবৰ সহযোগত গ্ৰন্থমেলা অনুষ্ঠিত কৰা হ’ব বুলি ঘোষণা কৰা হয়।
লগতে পঢ়ক:Jamugurihat News:এজন শিক্ষকে চলাইছে এখন চৰকাৰী প্ৰাথমিক বিদ্যালয়