Local, Vocal, Global

Assam Direct Recruitment grade 3: কাইলৈ অনুষ্ঠিত হ’ব উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা

নিউজ ডেস্ক,১৪ছেপ্তেম্বৰ : কাইলৈ অনুষ্ঠিত হ’ব উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা ।

ৰাজ্যৰ ২৮ খন জিলাৰ ২,৩০৫টা পৰীক্ষা কেন্দ্ৰত মুঠ ১১ লাখ ২৩ হাজাৰ ২০৪গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হ’ব। এই পৰীক্ষা কেন্দ্ৰসমূহৰ ভিতৰত স্পৰ্শকাতৰ হিচাপে চিহ্নিত ৪২৯টা কেন্দ্ৰত অতিৰিক্ত আৰক্ষী আৰু গৃহৰক্ষী জোৱান নিয়োগ কৰা হ’ব। নিযুক্তি পৰীক্ষাত নকল কৰা প্ৰশ্নকাকত আগতীয়াকৈ ৰাজহুৱা কৰাকে ধৰি অন্যান্য অসৎ কাৰ্য প্ৰতিৰোধ কৰাৰ বাবে ৰাজ্য চৰকাৰে অসম লোক পৰীক্ষা, নিযুক্তি প্ৰক্ৰিয়াত অসৎ উপায় প্ৰতিৰোধী ব্যৱস্থা আইন, ২০২৪ ৰূপায়ণ কৰিছে। সেই অনুসৰি নিযুক্তি পৰীক্ষাত অসৎ উপায় অৱলম্বন কৰা লোকক তিনি বছৰৰ পৰা ১০ বছৰ পৰ্যন্ত কাৰাদণ্ড বিহা হ’ব। তদুপৰি সংশ্লিষ্ট লোকজনক ১ লাখৰ পৰা ১০ কোটি টকা পৰ্যন্ত জৰিমনা বিহা হ’ব( Assam Direct Recruitment grade 3)।

ADRE 2.0 পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া প্ৰাৰ্থীসকলৰ বাবে গুৰুত্বপূৰ্ণ নিৰ্দেশনাৱলী

পৰীক্ষা কেন্দ্ৰৰ ১০০ মিটাৰৰ ভিতৰত প্ৰাৰ্থীৰ অভিভাৱক বা আন কোনো লোকে প্ৰৱেশ কৰিব নোৱাৰিব।

পৰীক্ষাৰ্থীসকলে পৰীক্ষা কেন্দ্ৰৰ ভিতৰলৈ এডমিট কাৰ্ডৰ লগত কেৱল নিব পাৰিব নীলা বা ক’লা ৰঙৰ বল পেন, পেঞ্চিল, স্কেল আৰু ৰবৰ।

লগতে পৰীক্ষাৰ্থীসকলে নিব লাগিব পৰিচয় পত্ৰ। পৰিচয় পত্ৰৰ ভিতৰত পৰিব আধাৰ কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ।

আনহাতে মোবাইল ফোন, যিকোনো ধৰনৰ ইলেক্ট্ৰনিক সঁজুলি বা প্ৰগ্ৰেমেবল ডিভাইচ নিয়াত নিষেধাজ্ঞা। স্মাৰ্ট ঘড়ী, স্বাস্থ্য বেণ্ড, ব্লুটুথ ডিভাইচ, ইয়াৰফোন, মাইক্ৰ’ফোন আদি সামগ্ৰী পৰীক্ষা কেন্দ্ৰৰ ভিতৰলৈ নিব নোৱাৰিব।

কোনো পৰীক্ষাৰ্থীয়ে এইসমূহ নিৰ্দেশনাৱলী উলংঘা কৰিলে ‘The Assam Public Examination (Measures for Prevention of Ufair Means in Recruitment) Act, 2024’ৰ ধাৰা ১০(১) অনুসৰি ৩ বছৰলৈ জে’ল আৰু জৰিমণাৰ সন্মুখীন হ’ব।

উল্লেখ্য যে এইবাৰ পৰীক্ষাত ভুল উত্তৰৰ বাবে ঋণাত্মক নম্বৰ দিয়াৰ ব্যৱস্থা আছে ৷ পৰীক্ষাৰ OMR চিহ্নিত কৰাৰ সময়ত প্ৰাৰ্থীসকলক সাৱধান হ’বলৈ পৰামৰ্শ ৷ কিয়তো OMR ছীটত এটাত কৈ অধিক নম্বৰত চিহ্নিত কৰিলে ভুল ঋণাত্মক নম্বৰ লাভ কৰিব ৷

লগতে পঢ়ক :Ganja Seized in Jamugurihat : চাৰিদুৱাৰত জব্দ বুজন পৰিমাণৰ গাঞ্জা;আটক দুই সৰবৰাহকাৰী