Local, Vocal, Global

Assam Direct Recruitment Examination: ADRE তৃতীয় বৰ্গৰ পৰীক্ষাৰ বাবে নীতি-নিৰ্দেশনা জাৰি

নিউজ ডেস্ক,২৬ছেপ্তেম্বৰ : ADRE ৰ নিযুক্তি পৰীক্ষাক লৈ গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি। ADRE ৰ নিযুক্তি পৰীক্ষাৰ্থীক লৈ কেইবাটাও নিয়ম জাৰি ।

পৰীক্ষা কেন্দ্ৰত পৰীক্ষাৰ্থীয়ে নিব লাগিব এডমিট কাৰ্ড। পৰীক্ষাৰ্থীসকলে নিব লাগিব নিজৰ পৰিচয় পত্ৰ(Dress code, important exam day guidelines released)।

পৰীক্ষাৰ্থীয়ে নিব পাৰিব নীলা বা ক’লা ৰঙৰ বল পেন। লগতে নিব পাৰিব পেঞ্চিল, স্কেল আৰু ৰবৰ।

পৰীক্ষাকেন্দ্ৰত পৰীক্ষা আৰম্ভ হোৱাৰ ডেৰ ঘণ্টাৰ পূৰ্বে উপস্থিত হ’ব লাগিব(Assam Direct Recruitment Examination)।

SLRCৰ নিযুক্তি পৰীক্ষা দিবলৈ যোৱাৰ সময়ত হাফ চাৰ্ট আৰু শ্লিপাৰ পৰিধান কৰাৰ আহ্বান।

পৰীক্ষা শেষ হোৱাৰ পিছত পৰীক্ষাৰ্থীয়ে লগত লৈ যাব পাৰিব নিজৰ নিজৰ প্ৰশ্নকাকত।

পৰীক্ষা শেষ হোৱাৰ পিছত অতিৰিক্ত ৫ মিনিট থাকিব লাগিব পৰীক্ষাৰ্থীয়ে। পৰীক্ষা শেষ হোৱাৰ পিছত OMR সংগ্ৰহ কৰিব নিৰীক্ষকে।

লগতে পঢ়ক :Assam CM Himanta Biswa holds meeting with AASU over clause 6 recommendations : সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক সম্পন্ন