Assam DGP GP Singh Responds To Security Breach At Dibrugarh Central Jail : ডিব্ৰুগড়ত উপস্থিত অসম আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং

নিউজ ডেস্ক, ২০ ফেব্ৰুৱাৰী : ডিব্ৰুগড়ত উপস্থিত অসম আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং । মঙলবাৰে পুৱাই জিলাখনত উপস্থিত হয় অসম আৰক্ষী সঞ্চালক প্ৰধান গৰাকী ।
ডিব্ৰুগড় কাৰাগাৰত সংঘটিত হোৱা ঘটনাৰ বুজ লবলৈ উপস্থিত অসম আৰক্ষী সঞ্চালক প্ৰধান গৰাকী(Assam DGP GP Singh Responds To Security Breach At Dibrugarh Central Jail) ।
উল্লেখ্য যে, বিগত কেবামাহো ধৰি ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ আছে ৱাৰিছ পঞ্জাৱ দেৰ মুৰব্বী অমৃতপাল সিঙসহ আন ৯ সহযোগী । যোৱা ১৭ ফেব্ৰুৱাৰীৰ দিনা উক্ত NSA চেলত বৃহৎ পৰিমাণৰ চিম কাৰ্ড, টিভি ৰিম’ৰ্ট, দুটা ম’বাইল, স্পাই কেম পেইন, ব্লুটুথ হেডফোন জব্দ হৈছিল ।
এই ঘটনা পোহৰলৈ অহাৰ পিছতে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে নিজে টুইট কৰিছিল । আজি উক্ত ঘটনাৰ বুজ লোৱাৰ বাবে মঙলবাৰে পুৱা ডিব্ৰুগড়ত উপস্থিত হয় আৰক্ষীৰ সঞ্চালকপ্ৰধানগৰাকী । ডিব্ৰুগড়ত আৰক্ষীৰ উচ্চপদস্থ বিষয়াৰ সৈতে বৈঠকত মিলিত হৈছে বুলি সন্দেহ কৰা হৈছে(Assam DGP GP Singh arrives in Dibrugarh following major security breach in Dibrugarh Central Jail) ।
লগতে পঢ়ক : Farmer leaders reject government’s MSP proposal : চৰকাৰৰ প্ৰস্তাৱ নাকচ কৃষক সংগঠনৰ