Assam DGP GP Singh : অসম এৰিবলৈ সাজু অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিং!

নিউজ ডেস্ক,১৩আগষ্ট : অসম এৰিবলৈ সাজু DGP জি পি সিং! চলিত মাহতে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধানৰ দায়িত্ব এৰাৰ সম্ভাৱনা জি পি সিঙৰ ৷ IPS হৰমীত সিং ৰাজ্যৰ পৰৱৰ্তী DGP হোৱাৰ পূৰ্ণ সম্ভাৱনা৷
শীঘ্ৰে নিয়ুক্তিৰ সন্দৰ্ভত অধিসূচনা জাৰি কৰিব কেন্দ্ৰই(Assam DGP GP Singh)।
উল্লেখযোগ্য যে ‘কা’ আন্দোলনৰ সময়ত জি পি সিঙক দিল্লীৰ পৰা অনা হৈছিল অসমলৈ। পূৰ্বে অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধানৰ দায়িত্বত আছিল জি পি সিং। ভাস্কৰজ্যোতি মহন্তৰ অৱসৰ পিছতে অসমৰপ আৰক্ষী সঞ্চালক প্ৰধান ৰূপে দায়িত্বভাৰ লৈছিল জি পি সিঙে। ২০২৩ চনৰ ৩১ জানুৱাৰীত ভাস্কৰ জ্যোতি মহন্তৰ পৰা দায়িত্বভাৰ গ্ৰহণ কৰিছিল জি পি সিঙে(Assam DGP GP Singh)।
লগতে পঢ়ক : Massive Eviction Drive in Merapani : বেদখলৰ বিৰুদ্ধে ৰাজ্যত পুনৰ চলিছে প্ৰশাসনৰ বুলড’জাৰ