অসম কংগ্ৰেছৰ দ্বিতীয়গৰাকী সংখ্যালঘূ নেতাই এৰিলে পদবী

নিউজ ডেস্ক: অসম প্ৰদেশ কংগ্ৰেছৰ দ্বিতীয়গৰাকী সংখ্যালঘূ নেতাই আজি পদবী ত্যাগ কৰে৷ প্ৰাক্তন মন্ত্ৰী তথা অসম কংগ্ৰেছৰ প্ৰভাৱশালী নেতা ৰকিবুল হুছেইনে আজি পদবী ত্যাগ কৰে৷ জানিব পৰা মতে, ৰবিকুল হুছেইনে অখিল ভাৰতীয় কংগ্ৰেছৰ সভাপতি পদৰ নিৰ্বাচনৰ প্ৰাৰ্থী মল্লিকাৰ্জুন খাৰ্গেৰ হৈ প্ৰচাৰ চলাব৷ ইয়াৰ পূৰ্বে বৰপেটাৰ সাংসদ তথা মুখপাত্ৰ আব্দুল খালেকে পদত্যাগ কৰিছিল৷ খালেকে শনিবাৰে এপিচিচিৰ দায়িত্বৰ পৰা পদত্যাগ কৰিছিল। আব্দুল খালেকে পদত্যাগ কৰাৰ পাছতে দেওবাৰে পুৱাই কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে দলৰ কাৰ্যালয়ত পদত্যাগ পত্ৰ দাখিল কৰে। হুছেইনেও কংগ্ৰেছৰ সভাপতি পদৰ প্ৰাৰ্থী খাৰ্গেৰ হৈ প্ৰচাৰ চলাব৷ দুয়োগৰাকী সংখ্যালঘূ নেতাই সভাপতি নিৰ্বাচনৰ বাবে নে আন কিবা কাৰণত পদত্যাগ কৰিলে সেয়া দুই এদিনতে স্পষ্ট হ’ব৷