Local, Vocal, Global

Assam Congress President Bhupen Borah at Mangoldoi : দেওবাৰে মঙলদৈৰ ৰাজীৱ ভৱনত উপস্থিত কংগ্ৰেছৰ সভাপতি ভূপেন বৰা

নিউজ ডেস্ক, ২৫ ফেব্ৰুৱাৰী : দেওবাৰে মঙলদৈৰ ৰাজীৱ ভৱনত উপস্থিত কংগ্ৰেছৰ সভাপতি ভূপেন বৰা(Assam Congress President Bhupen Borah at Mangoldoi)।

মঙলদৈ ৰাজীৱ ভৱনত উপস্থিত হৈ কংগ্ৰেছৰ সভাপতি গৰাকীৰ কংগ্ৰেছ দলক লৈ কেইটাবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান ।

লগতে ৰানা গোস্বামীৰ দলত্যাগ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। ভূপেন বৰাই কয় যে, ৰানা গোস্বামীয়ে কংগ্ৰেছ দলক ত্ৰিশ বছৰ দিছে। কংগ্ৰেছেও ৰানা গোস্বামীক যথেষ্ঠ সন্মান দিছে। সেয়ে মোৰ বিশ্বাস আছে তেওঁ দল ত্যাগ নকৰে। অসমত ঐক্য মঞ্চৰ ১৫ টা দল আছিল আৰু ১৫ টায়ে থাকিব। ইয়াৰে এটা দল ওলাই যাব আৰু এটা দল নতুনকৈ অন্তৰ্ভুক্ত হব বুলি সভাপতি গৰাকীয়ে।

অৱশ্যে কোন দল যাব কোন দল নতুনকৈ আহিব সেইয়া এতিয়াও স্পষ্ট নকৰিলে কংগ্ৰেছ সভাপতি গৰাকীয়ে(Assam Congress President Bhupen Borah at Mangoldoi)।

ইফালে মঙলদৈৰ বিধায়ক সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য কৰে ভূপেন বৰাই। কয় যে ” দুখ লাগে, মঙলদৈৰ সাংস্কৃতিৱান মানুহে ভোট দিয়া বসন্ত দাসে হিমন্ত বিশ্ব শৰ্মাক ভৰিত ধৰিছে। আমি গাখীৰ খুৱাই সাপ পুহি আছিলো, ভাল হ’ল, আমাৰ সাপবোৰ ওলাই গৈছে” ।

লগতে পঢ়ক : Minister Nandita Gorlosa Distributed land patta : ডিব্ৰুগড়ত মিছন বসুন্ধৰা ২.০ ভুমি পট্টা প্ৰদান অনুষ্ঠান; ভূমিহীন খিলঞ্জীয়া লোকক আনুষ্ঠানিক ভাৱে ভূমিপট্টা প্ৰদান