Assam CM’s Convoy in Guwahati Reduces to 10 vehicles : মুখ্যমন্ত্ৰীৰ জিলা ভ্ৰমণৰ সময়ত জিলা আয়ুক্ত, আৰক্ষী অধীক্ষক মিলি ১০খনৰ অধিক বাহন থাকিব নোৱাৰিব কনভয়ত
নিউজ ডেস্ক,৩০জুলাই : জনতা ভৱনত জিলা আয়ুক্তসকলৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক । বৈঠকত গুৰুত্বপূৰ্ণ নিৰ্দেশনা মুখ্যমন্ত্ৰীৰ । এতিয়াৰ পৰা মুখ্যমন্ত্ৰীৰ জিলা ভ্ৰমণৰ সময়ত জিলা আয়ুক্ত, আৰক্ষী অধীক্ষক মিলি ১০খনৰ অধিক বাহন থাকিব নোৱাৰিব কনভয়ত। ভিআইপি সংস্কৃতি নোহোৱা কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণৰ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে(Assam CM’s Convoy in Guwahati Reduces to 10 vehicles)।
মুখ্যমন্ত্ৰীয়ে বৈঠকত কয়, আমি নন ভিআইপি কালচাৰ কৰিব বিচাৰিছো। ৰাজনীতিৰ ব্যক্তিৰ কাৰণে এখন গাড়ী দিব। ডিচি, এছপি মিলি কনভয়ত ১০খনৰ অধিক গাড়ী হ’ব নোৱাৰিব মুখ্যমন্ত্ৰীৰ জিলা ভ্ৰমণৰ সময়ত। ষ্টেট গেষ্টৰ বাহিৰে বাকী কাকোৱে আমিষ খাদ্য খুৱাব নোৱাৰিব, বিভাগে খুৱালেও নহ’ব, এয়া কঠোৰ নিৰ্দেশ।
অহা মাহত লখিমপুৰত কেবিনেট বৈঠক অনুষ্ঠিত হোৱাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় এতিয়াৰ পৰা গুৱাহাটীৰ বাহিৰত কেবিনেট হোৱাৰ দিনা মন্ত্ৰীসকল একেটা সময়তে নাযাব, নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে যাব। নহ’লে সেই স্থানত এক বেলেগ ধৰণৰ পৰিৱেশৰ সৃষ্টি হয়।
লগতে পঢ়ক : Dead body recovered in Silapathar : চিমেন চাপৰি থানাৰ সন্মুখত ৰহস্যজনক ভাৱে উদ্ধাৰ মৃতদেহ