Assam CM will inaugurate schemes in lakhimpur : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই লখিমপুৰত মুকলি কৰিব ৯০০ কোটি টকাৰ আঁচনিৰ

নিউজ ডেস্ক, ৪ মাৰ্চ : লখিমপুৰবাসীৰ বাবে সুখবৰ । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই লখিমপুৰত মুকলি কৰিব ৯০০ কোটি টকাৰ আঁচনিৰ(Assam CM will inaugurate schemes in lakhimpur) ।
অহা ছয় মাৰ্চত লখিমপুৰ বাসীৰ বাবে মুকলি কৰিব ৯০০ কোটি টকাৰ কেইবাখনো আঁচনি । লগতে অসম চৰকাৰৰ বিকাশ যাত্ৰাৰ অধীনত এই আঁচনি সমূহৰ একাংশৰ উদ্বোধন আৰু আন একাংশৰ ভূমি পূজনেৰে কাম আৰম্ভ কৰিব মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই(CM Himanta Biswa Sarma will inaugurate schemes in lakhimpur) ।
সোমবাৰে সংবাদ মাধ্য়মৰ আগত এই কথা সদৰী কৰে বিধায়ক মানৱ ডেকাই।
বিধায়ক মানৱ ডেকাই কয় যে লখিমপুৰ নগৰৰ চুকুলীভৰীয়াত ১৬ কোটি টকাৰে নিৰ্মাণ সম্পূৰ্ণ হোৱা সন্মিলন কেন্দ্রটো মুখ্যমন্ত্রীগৰাকীয়ে সেইদিনা উদ্বোধন কৰিব ।
তদুপৰি টাউন হলৰ ভূমিপূজন, ৭০ কোটি টকাৰ পানী যোগান আঁচনি, নকাৰীৰ ৰে’লৱে উৰণসেতু, অসম মালাৰ অধীনত গোৱৰীশালিৰ পৰা ডিজু সংযোগী পথ আদিকে ধৰি ৯০০ কোটি টকাৰ বিভিন্ন আঁচনিৰ উদ্বোধনৰ লগতে শিলান্যাস, ভূমিপূজন আদি কৰিব মুখ্যমন্ত্রীগৰাকীয়ে ।
লখিমপুৰক ইমান সংখ্যক আঁচনিৰে সমৃদ্ধ কৰাৰ বাবে মুখ্যমন্ত্রীগৰাকীক কৃতজ্ঞতা জনায় লখিমপুৰৰ বিধায়ক মানৱ ডেকাই(CM Himanta Biswa Sarma will inaugurate schemes in lakhimpur) ।
লগতে পঢ়ক : Tragic Road Accident in Rangapara : ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন