Assam CM Visits Missing Musician Ramen Baruah’s Family : নিৰুদ্দিষ্ট ৰমেন বৰুৱাৰ বাসগৃহত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

নিউজ ডেস্ক,১৩আগষ্ট : নিৰুদ্দিষ্ট ৰমেন বৰুৱাৰ বাসগৃহত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । মঙলবাৰে ৰমেন বৰুৱাৰ লতাশিলৰ বাসগৃহত উপস্থিত হয় মুখ্যমন্ত্ৰী ।
ৰমেন বৰুৱাৰ বাসগৃহত উপস্থিত হৈ ৰমেন বৰুৱাৰ পৰিয়ালক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। পৰিয়ালৰ সৈতে কথা-বতৰা পতাৰ পিছত মুখ্যমন্ত্ৰীয়ে কয়, ‘ভাগ্যত থাকিলে উভতি আহিব ৰমেন বৰুৱা’।
উল্লেখ্য যে চলিত বৰ্ষৰ ২২ জুলাইৰ পুৱা ঘৰৰ পৰা ওলাই গৈছিল ৰমেন বৰুৱা। হাইক’ৰ্টৰ কাষেৰে ব্ৰহ্মপুত্ৰৰ দিশে যোৱা পথটোৰে খোজকাঢ়ি যোৱাৰ দৃশ্য বন্দী হৈছিল চিচিটিভি কেমেৰাত। কিন্তু তেওঁ উভতি অহাৰ কোনো তথ্য লাভ কৰা নাছিল আৰক্ষীয়ে(Assam CM Visits Missing Musician Ramen Baruah’s Family)।
আৰক্ষী আয়ুক্তই ইতিমধ্যে সংবাদ মেল পাতি কৈছিল যে ৰমেন বৰুৱাই ব্ৰহ্মপুত্ৰৰ একেবাৰে পানীৰ কাষলৈ যোৱাৰ তথ্য আৰক্ষীৰ হাতত আছে। কিন্তু তাৰ পৰা উভতি অহাৰ কোনো তথ্য নাই। ব্ৰহ্মপুত্ৰৰ পাৰত ৰমেন বৰুৱাৰ ভৰিৰ খোজো দেখা গৈছিল(Assam CM Visits Missing Musician Ramen Baruah’s Family in Guwahati)।
২৩ দিন পাৰ হ’ল। এতিয়াও কোনো শুংসূত্ৰ নাই অসমৰ প্ৰখ্যাত সংগীত পৰিচালক ৰমেন বৰুৱাৰ। আৰক্ষীয়ে বহু অনুসন্ধান কৰিলে, ব্ৰহ্মপুত্ৰত চলোৱা হ’ল অভিযান, কিন্তু কোনো সন্ধান নোলাল ৰমেন বৰুৱাৰ।
লগতে পঢ়ক : Women Goes Missing in Guwahati : মহানগৰীৰ জ্যোতিনগৰৰ পৰা নিৰুদ্দেশ এগৰাকী মহিলা