Local, Vocal, Global

Assam CM visit in Changsari : চাংসাৰিত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

নিউজ ডেস্ক,২৭জুন : কামৰূপৰ চাংসাৰিত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীয়ে চাংসাৰিত নিৰ্মাণৰত আদৰ্শ বিদ্যালয়ৰ গৃহ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লয় লগতে চাংসাৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়, চাংসাৰি বালিকা বিদ্যালয়ৰ গৃহ নিৰ্মাণৰ বুজ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে । নিৰ্মাণকাৰ্য পৰিদৰ্শনৰ পিচত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে কয়, আগন্তুক জানুৱাৰী মাহৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব এই দুখন বিদ্যালয়ৰ নতুন গৃহ(Assam CM visit in Changsari) ।

মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয় যে ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ আন্তঃগাথঁনিক ফেৰ মাৰিব পৰাকৈ ৰাজ্যত ৫০০ খন বিদ্যালয়ৰ নিৰ্মাণকাৰ্য চলি আছে । এই পৰিদৰ্শনৰ সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সংগ দিয়ে শিক্ষা মন্ত্ৰী ৰণোজ পেগু, মন্ত্ৰী অশোক সিংহল আৰু কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই ।

উল্লেখ্য যে, চাংসাৰি অঞ্চলত হৈ থকা কৃত্ৰিম বানপানী সমস্যা সমাধানৰ বাবে লোক নিৰ্মাণ বিভাগক দায়িত্ব দিয়া হৈছে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে মন্তব্য কৰে ।

লগতে পঢ়ক : Assam Cabinet takes key decision : কেৱল বাইক আৰোহীয়ে হেলমেট নিপিন্ধিলেহে ল’ব পাৰিব জৰিমনা : মুখ্যমন্ত্ৰী