Local, Vocal, Global

Assam CM to inaugurate elevated South Bank Corridor of North Guwahati Bridge today : আজি মুকলি হ’ব গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দক্ষিণপাৰৰ এলিভেটেড কৰিড’ৰ

নিউজ ডেস্ক, ৪ মাৰ্চ : আজি মুকলি কৰা হ’ব গুৱাহাটীৰ মাছখোৱা আৰু ভূতনাথক সংযোগ কৰি ব্ৰহ্মপুত্ৰ নদীৰ কাষেৰে নিৰ্মাণ কৰা উৰণ সেতু । সোমবাৰে সন্ধিয়া ৬ বজাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি‌ কৰিব উৰণ সেতুখন । মহানগৰীৰ সোণাৰাম খেলপথাৰত হ’ব উদ্বোধনী অনুষ্ঠান(Assam CM Himanta Biswa Sarma to inaugurate elevated South Bank Corridor of North Guwahati Bridge today)।

মুখ্যমন্ত্ৰী শৰ্মাই আজি এক্সৰ এটা পোষ্টৰ জড়িয়তে কয় , “গুৱাহাটী-উত্তৰ গুৱাহাটী দলঙৰ এলিভেটেড দক্ষিণ দিশৰ পথচোৱা জনসাধাৰণৰ বাবে উৎসৰ্গা কৰা হ’ব । ৩২৬ কোটি টকাৰে ভূতনাথৰ পৰা মাছখোৱালৈ সংযোগ কৰি নিৰ্মাণ কৰা এই পথচোৱাই যান-বাহনৰ গতিপথ সলনি কৰি নদীৰ ওপৰেৰে যাতায়ত সহজ কৰি তুলিব(Assam CM Sarma to inaugurate elevated South Bank Corridor of North Guwahati Bridge today) ।”

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৯ চনত গুৱাহাটী আৰু উত্তৰ গুৱাহাটীক সংযোগ কৰি নিৰ্মাণ কৰি থকা দলংখনৰ আধাৰশিলা স্থাপন কৰিছিল ।

লগতে পঢ়ক : Joint Op Uncovers Buried Explosives : অসম মিজোৰাম সীমান্তত জব্দ বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী