Assam CM Himanta Biswa Sarma:টাটা ছন্স এণ্ড টাটা গ্ৰুপৰ অধ্যক্ষ নটৰাজন চন্দ্রশেক্রমক পৃথ্বীৰাজ ৰোডক সাক্ষাৎ মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শর্মাৰ

নিউজ ডেস্ক,৮ফেব্ৰুৱাৰী : টাটা ছন্স এণ্ড টাটা গ্ৰুপৰ অধ্যক্ষক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ। শুকুৰবাৰে টাটা ছন্স এণ্ড টাটা গ্ৰুপৰ অধ্যক্ষ নটৰাজন চন্দ্রশেক্রমক পৃথ্বীৰাজ ৰোডৰ তেওঁৰ বাসগৃহত সাক্ষাৎ কৰে অসমৰ মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শর্মাই(Assam CM Himanta Biswa Sarma)৷
এই বৈঠকৰ সময়ছোৱাত মুখ্যমন্ত্ৰীগৰাকীয়ে টাটা ছন্স এণ্ড টাটা গ্ৰুপৰ অধ্যক্ষগৰাকীৰ লগত জাগীৰোডত থকা অৰ্ধপৰিবাহী উদ্যোগ বা ছেমিকণ্ডাক্টৰ প্ৰকল্পকে ধৰি টাটা গ্ৰুপে অসমত কৰিব উলোৱা আগন্তুক বিনিয়োগ সন্দৰ্ভত আলোচনা কৰে(Assam CM, Tata Companies Chairman discuss upcoming Tata projects in Assam)।
উল্লেখ্য যে, অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ’ব এডভান্টেজ আছাম ২.০ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন ৷ এই সন্মিলনলৈও মুখ্যমন্ত্ৰী ড৹ শৰ্মাই চন্দ্ৰশেক্ৰণকো আমন্ত্ৰণ জনায়।
মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই এক্সৰ -ত লিখিছে, “আজি নতুন দিল্লীত @TataCompanies ৰ অধ্যক্ষ শ্ৰী এন চন্দ্ৰশেক্ৰণক লগ পাই আনন্দিত হ’লো । অসমত গোটটোৰ ৰোমাঞ্চকৰ বিনিয়োগৰ বিষয়ে আমাৰ কথা-বতৰা প্ৰেৰণাদায়ক আছিল আৰু #AdvantageAssam2 সন্মিলনত তেওঁক আদৰণি জনোৱাৰ বাবে মই আগ্ৰহেৰে বাট চাই আছো !”
লগতে পঢ়ক :Delhi Election Results 2025: দিল্লী কাৰ?২৭বছৰ পিছত দিল্লীত ফুলিব নেকি পদুম ?