Local, Vocal, Global

Assam CM orders probe into checking private parts of female candidate at examination : নলবাৰীত মহিলা প্ৰাৰ্থীৰে হোৱা ঘটনাৰ তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

নিউজ ডেস্ক,১৬ছেপ্তেম্বৰ : দেওবাৰে ৰাজ্যৰ অনুষ্ঠিত হৈছিল সৰ্ববৃহৎ নিযুক্তি পৰীক্ষাৰ । এই নিযুক্তি পৰীক্ষাত বান্ধি দিয়া হৈছিল কেইবাটাও নিৰ্দেশনা ।

কিন্তু নিযুক্তি পৰীক্ষাৰ পূৰ্বে নলবাৰীৰ এটা পৰীক্ষা কেন্দ্ৰত সংঘটিত হোৱা এক অনাকাঙ্খিত ঘটনা ৷ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে এগৰাকী পৰীক্ষাৰ্থীয়ে ।

নিৰ্দিষ্ট পৰীক্ষা কেন্দ্ৰত এগৰাকী ছাত্ৰীয়ে প্ৰৱেশ কৰাৰ পূৰ্বে এগৰাকী মহিলা কনিষ্টবলে ছাত্ৰীগৰাকীৰ ব্যক্তিগত অংশত তালাচী চলোৱাৰ অভিযোগ উত্থাপন হৈছে৷ এই ঘটনা পোহৰলৈ অহাৰ পাছৰে পৰা ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ(Assam CM orders probe into checking private parts of female candidate at examination)।

এনে সময়ছোৱাতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে সামাজিক মাধ্যমযযোগে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই বিষয়টো চিন্তনীয় আৰু সেইবাবে ঘটনা সন্দৰ্ভত অসম আৰক্ষীৰ সঞ্চালকপ্ৰধানৰ সৈতে কথা পাতি সমগ্ৰ ঘটনাটিৰ তদন্ত কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছোঁ। লগতে মুখ্যমন্ত্ৰীগৰাকী য়ে কয় যে – এখন সমাজৰ বাবে আমাৰ মাতৃ-ভগ্নীসকলৰ মৰ্যাদা আৰু সন্মান সৰ্বোচ্চ গুৰুত্বপূৰ্ণ। উত্তৰ লখিমপুৰত সংঘটিত আন এটি ঘটনাৰ বিষয়েও মোক অসম আৰক্ষীৰ সঞ্চালকপ্ৰধানে অৱগত কৰালে৷ য’ত এগৰাকী ছাত্ৰীৰ কাপোৰৰ ভিতৰৰ পৰা নকল উদ্ধাৰ কৰা হয়। আমাৰ মহিলা প্ৰাৰ্থীসকলৰ শালীনতা আৰু মৰ্যাদা সকলো সময়তে ৰক্ষা কৰাৰ বাবে আমি দায়বদ্ধ।

গতিকে পৰৱৰ্তী পৰ্যায়ৰ পৰীক্ষাসমূহৰ পূৰ্বে মহিলা প্ৰাৰ্থীক তালাচী চলোৱাৰ সন্দৰ্ভত মহামান্য আদালতে আগবঢ়োৱা প্ৰাসংগিক ৰায় আৰু মহিলা আয়োগৰ পৰা অহা নিৰ্দেশনাৰ প্ৰতি লক্ষ্য ৰাখি এক সঠিক এছ অ’ পি প্ৰস্তুত কৰা হ’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য প্ৰদান কৰে ৷

লগতে পঢ়ক : Five from family killed on suspicion of practising witchcraft : ডাইনী সন্দেহত একেটা পৰিয়ালে ৫ গৰাকী সদস্যক নৃশংসভাৱে হত্যা