Assam CM Meets Mukesh Ambani: মুকেশ আম্বানী আৰু অনন্ত আম্বানীক সাক্ষাৎ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

নিউজ ডেস্ক,৯ফেব্ৰুৱাৰী : মুকেশ আম্বানী আৰু অনন্ত আম্বানীক সাক্ষাৎ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ((Assam CM Meets Mukesh Ambani)৷
শনিবাৰে মুম্বাইত মুকেশ আম্বানী আৰু অনন্ত আম্বানীক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
সাক্ষাৎকালত উদ্যোগ ৪.০ৰ বাবে ভাৰতৰ পৰৱৰ্তী কেন্দ্ৰ হোৱাৰ দিশত অসমৰ সম্ভাৱনাৰ বিষয়ে আলোচনা কৰে(Assam CM Meets Mukesh Ambani to Discuss Industry 4.0 Prospects)।
শনিবাৰে তেওঁলোকক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰীয়ে সামজিক মাধ্যমত পোষ্ট কৰে । মুখ্যমন্ত্ৰী গৰাকীয়ে সামজিক মাধ্যমত লিখে, “এক বিশেষ সাক্ষাতত মিলিত হৈ সুখী হ’লোঁ। সাক্ষাৎকালত উদ্যোগ ৪.০ৰ বাবে ভাৰতৰ পৰৱৰ্তী কেন্দ্ৰ হোৱাৰ দিশত অসমৰ সম্ভাৱনাৰ বিষয়ে আলোচনা কৰা হয়। মই আশাবাদী যে এডভাণ্টেজ আছাম ২.০ৰ জৰিয়তে আমি ৰিলায়েঞ্চৰ অসমত বিশেষকৈ জৈৱ ইন্ধন, ফিনটেক, টেলিকম আৰু অন্যান্য উদীয়মান খণ্ডত স্থিতি সম্প্ৰসাৰণৰ পৰিকল্পনা সুদৃঢ় কৰা দেখিবলৈ পাম।”
লগতে পঢ়ক :Chhattisgarh encounter: আৰক্ষী আৰু নক্সালবাদীৰ মাজত সংঘৰ্ষ;নিহত ১২টাকৈ নক্সালবাদী