Assam CM Lays Foundation of New Flyover : আকৌ এখন নতুন উৰণসেতু লাভ কৰিব মহানগৰবাসীয়ে

নিউজ ডেস্ক, ১ ফেব্ৰুৱাৰী : মহানগৰীত আকৌ এখন নতুন উৰণসেতু । মহানগৰীৰ লালগণেশৰ পৰা গড়ভঙালৈ নিৰ্মাণ হ’ব নতুন উৰণসেতু(Assam CM Lays Foundation of New Flyover )।
মুখ্যমন্ত্ৰীৰ জন্মদিনটোতে নতুন উৰণ সেঁতুখনৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই । ৩৭৬ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ’ব উৰণসেতুখন । তিনিলেনযুক্ত এই সেঁতুখনৰ দৈৰ্ঘ হ’ব ২.৮৪ কিলোমিটাৰ ।এই উপলক্ষে আজি লালগণেশত এখন ৰাজহুৱা সভাৰ আয়োজন কৰা হয় । উক্ত সভাতে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই সেঁতুখনৰ আধাৰশিলা স্থাপন কৰে(Assam CM Lays Foundation of New Flyover at Cycle Factory Junction in Guwahati) ।
নতুনকৈ নিৰ্মান হ’বলগীয়া উৰণ সেঁতুখনৰ আধাৰশিলা স্থাপন কৰি ভাষণ প্ৰসংগত মুখ্যমন্ত্রীয়ে গুৱাহাটী মহানগৰীৰ উন্নয়নৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে উল্লেখ কৰে । তেওঁ কয় যে তিনি বছৰৰ ভিতৰত নিৰ্মাণ হ’বলগীয়া এই সেঁতুখনে বৃহত্তৰ এই অঞ্চলটোৰ যান-জঁটৰ সমস্যা লাঘৱ কৰিব । চাইকেল ফেক্টৰীৰ পৰা লালগণেশলৈ নিৰ্মাণ হ’বলগীয়া সেঁতুখনৰ চাইকেল ফেক্টৰী আৰু লালগণেশত দুটা উইং থাকিব । আনহাতে গুৱাহাটীৰ আৰ্য নগৰত নিৰ্মাণ হৈ থকা মেডিকেল কলেজৰ কাম প্ৰায় ৭০ শতাংশ সম্পূৰ্ণ হৈছে বুলি সদৰি কৰি মুখ্যমন্ত্রীয়ে কয় যে এই বছৰৰ শেষত নহ’লে ২০২৫ বৰ্ষৰ আৰম্ভণিতে মেডিকেল কলেজখন মুকলি কৰা হ’ব ।
মুখ্যমন্ত্রী গৰাকীয়ে লগতে ভাষণত কয় যে নাৰেংগী-কুৰুৱা দলঙৰ কাম আগন্তুক ৬ মাহৰ ভিতৰত আৰম্ভ হ’ব ।
লগতে পঢ়ক : Happy Birthday Himanta Biswa Sarma : আজি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৫৫সংখ্যক ওপজা দিন