Assam CM on water pipe burst : পানীৰ পাইপ ফুটাক লৈ কি ক’লে মুখ্যমন্ত্ৰীয়ে
গুৱাহাটী, ৮জুলাই : জাইকাৰ পানীৰ পাইপ ফুটাক লৈ সাংবাদিকৰ আগত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য(Assam CM on water pipe burst) । আজি গুৱাহাটীৰ নৱগ্ৰহ দেৱালত সেৱা আগবঢ়াবলৈ যোৱা মুখ্যমন্ত্ৰীগৰাকীয়ে দেৱালয়ৰ চৌহদতত জাইকাৰ পানীৰ পাইপ ফুটাক লৈ সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত কয় যে, ”পানী লাগে যদি পাইপ ফুটিবই,তাৰ বাবেও গুৱাহাটীবাসী সাজু হৈ থাকিব লাগিব । কেৰালাত যোৱা ৩ বছৰত ২২০০ পাইপ ফুটিছে । পানীৰ পাইপ ফুটিবই,ইয়াক ফুটাৰ লগে লগেই বন্ধ কৰি দিব লাগে(Assam CM on Himanta biswa sarma on water pipe burst in Guwahati) ।
ইয়াৰে পৰি মুখ্যমন্ত্ৰী গৰাকীয়ে সাংবাদিকৰ আগত কয় য়ে আপোনালোকে গুগল চালে দেখিব পানীৰ পাইপ দিল্লীতো ফুটে, কেৰেলাতো ফুটে ।আৰু ইয়াক ফুটাটো কোনেও ৰখাব নোৱাৰে। কিন্তু পাইপ ফুটিলে নিয়ন্ত্ৰণ কক্ষত লগে লগেই গম পাব লাগে আৰু ইয়াৰ পানীৰ যোগান বন্ধ কৰিব লাগে ।
লগতে পঢ়ক : Water pipe explosion in Guwahati : মহানগৰীত পুনৰ ফুটিল পানীৰ পাইপ