Local, Vocal, Global

Assam CM Himanta Biswa Sarma Flags off 200 Electric Buses : মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত মুকলি কৰিলে ২০০ খন ইলেকট্ৰিক বাছ।

নিউজ ডেস্ক, ১ জানুৱাৰী : আজি নবৱৰ্ষৰ পহিলা দিনটোতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে ২০০খন গ্ৰীন বাছ । ইয়াৰে ১০০খন বাছ গুৱাহাটী মহানগৰীৰ বাহিৰত চলিব আৰু ১০০খন মহানগৰীৰ সীমান্তৱৰ্তী অঞ্চলত চলিব। বাছসমূহ আজিৰে পৰা গুৱাহাটীৰ মুঠ ১৩ টা পথত চলাচল কৰিব। চন্দ্ৰপুৰ, মিৰ্জা বাইহাটা,সোণাপুৰক সামৰি লোৱা হ’ব এই সেৱাত। চন্দ্ৰপুৰ, মিৰ্জা আৰু ৰূপনগৰত চাৰ্জিং ষ্টেচন ৰখা হৈছে। এই আঁচনিৰ বাবে ব্যয় কৰিছে ১৬১ কোটি টকা(Assam CM Himanta Biswa Sarma Flags off 200 Electric Buses) ।

সেউজীয়া ৰঙৰ এই ইলেকট্ৰিক বাছসমূহৰ চলাচল আৰম্ভ হোৱাৰ লগে লগে পৰ্যায়ক্ৰমে ডিজেল চালিত বাছসমূহ বন্ধ কৰাৰ পদক্ষেপ গ্ৰহণ কৰিব পৰিবহন বিভাগে। গুৱাহাটীৰ বায়ু প্ৰদূষণৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখিয়েই চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।আনহাতে ইলেকট্ৰিক বাছসমূহ মুকলি কৰাৰ সমান্তৰালকৈ চাৰ্জিং ষ্টেচনসমূহো আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছে। নতুনকৈ আৰম্ভ হোৱা এই বাছসেৱা গুৱাহাটী স্মাৰ্ট চিটী লিমিটেডৰ বিত্তীয় সাহায্য আৰু অসম ৰাজ্যিক পৰিবহণ নিগমৰ দ্বাৰা পৰিচালিত হ’ব। এই বাছসমূহত থাকিব চিচিটিভি কেমেৰা। মহিলাসকলৰ সমস্যাৰ বাবে এই ব্যৱস্থা কৰা হৈছে(Assam CM Himanta Biswa Sarma flags off 200 electric buses in Guwahati)।

আজি বাছসমূহ মুকলিৰ অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, ২০২৩ বৰ্ষটো ১০০ খন চি এন জি বাছ উপহাৰ দি নতুন বছৰটো আৰম্ভ কৰিছিলো। একেটা পৰম্পৰাকে অব্যাহত ৰাখি এইবছৰ আমি ২০০ খনইলকট্ৰিক বাছ গুৱাহাটীবাসীক উপহাৰ দি নতুন বছৰ আৰম্ভ কৰিব বিচাৰিছো। লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে গুৱাহাটী মহানগৰীত স্মাৰ্ট চিটি অন্তৰ্গত ২০০০ চি চি কেমেৰা কাম দ্ৰুত গতিত চলি আছে। ২০২৪ চনৰ ভিতৰৰ স্মাৰ্ট চিটী লিমিটেডক শৰাইঘাটৰ ক্ষেত্ৰত চিচিটিভি ব্যবস্থা কৰাৰ আহ্বান। উল্লখযোগ্য যে আজি মুকলি কৰা গ্ৰীন বাছৰ ভাড়াও নিৰ্ধাৰণ কৰা হৈছে। বাছত উঠিলেই ১০ টকা দিব লাগিব যাত্ৰীয়ে। প্ৰতি তিনি কিলোমিটাৰত দিব লাগিব ১৫ টকা।