Assam CM Himanta Biswa Sarma Displays Sporting Spirit At Nagaon Indoor Stadium Inauguration : দিনজোৰা কাৰ্যসূচীৰে নগাঁৱত উপস্থিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

নিউজ ডেস্ক, ২৫ ফেব্ৰুৱাৰী : সমাগত লোকসভা নিৰ্বাচন । লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত দেওবাৰে পুৱাই নগাঁৱত উপস্থিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । আজি দিনজোৰা কাৰ্যসূচী লৈ নগাঁৱত উপস্থিত হৈছে মুখ্যমন্ত্ৰী গৰাকীয়ে ।আজি কেবাটাও উন্নয়নমূলক আঁচনিৰ উদ্ধোধন, আধাৰশিলা স্থাপন কৰিব(Himanta Biswa Sarma smashes inaugural serve, plays Badminton at Nagaon Indoor Stadium opening) ।
পুৱা হেলিকপ্টাৰেৰে নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ শৰ্মা । তাৰ পিছত নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামৰ আটকধুনীয়াকৈ নিৰ্মাণ কৰা ইনড’ৰ ষ্টেডিয়ামৰ শুভ উদ্ধোধন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।
নগাঁৱৰ ইনড’ৰ ষ্টেডিয়াম মুকলি কৰি বিধায়ক ৰূপক শৰ্মাৰ সৈতে বেডমিণ্টনো খেলে মুখ্যমন্ত্ৰীয়ে।
তাৰ পিচতেই বেবেজিয়ালৈ ৰাওনা হৈ বেবেজিয়াৰ পালনাম থানত উপস্থিত হ’ব মুখ্যমন্ত্ৰীগৰাকী । বেবেজিয়াৰ পৰা লক্ষীনগৰত উপস্থিত হৈ মুখ্যমন্ত্ৰীৰ গৌৰৱ পথ আঁচনিৰ অধীনত এটা পথৰ আধাৰশিলা স্থাপন অনুষ্ঠানতো অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে মুখ্যমন্ত্ৰীগৰাকীৰ(Assam CM Himanta Biswa Sarma Displays Sporting Spirit At Nagaon Indoor Stadium Inauguration) ।
ইয়াৰোপৰি নগাঁও আৱৰ্ত ভৱনৰ সমীপৰ মুকলি থিয়েটাৰ আৰু খাদ্য জুপুৰি উদ্বোধন, ৱাকিং জ’ন উদ্বোধন কৰাৰ পিচত এখন ৰাজহুৱা সভাতো অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে । দুপৰীয়া ডেৰ মান বজাত নগাঁও মৰিকলংস্থিত বিজেপিৰ জিলা কাৰ্যালয়তো উপস্থিত হ’ব মুখ্যমন্ত্ৰী ড৹ শৰ্মা ।
জিলা বিজেপি কাৰ্যালয়ৰ পৰা দুপৰীয়া ২:১৫ বজাত বঢ়মপুৰত উপস্থিত হৈ বঢ়মপুৰৰ শ্বহীদ ঠগী সুত ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া ৰাজহুৱা সভাত ভাষণ দিয়াৰ লগতে বিভিন্ন চৰকাৰী আঁচনিৰ আধাৰশিলা স্থাপন আৰু উদ্বোধনী অনুষ্ঠানতো অংশগ্ৰহণৰ পিচত বুঢ়মপুৰৰ পৰা গুৱাহাটী অভিমুখে ৰাওনা হ’ব । দেওবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিটো কাৰ্যসূচীত সংগ দিব নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা আৰু বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে ।
লগতে পঢ়ক : PM to inaugurate multiple projects in Dwarka : দ্বাৰকা আৰু ৰাজকোট ভ্ৰমণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী;উদ্ধোধন কৰিব একাধিক প্ৰকল্পৰ