Local, Vocal, Global

Assam CM Himanta Biswa Sarma Bids Farewell to Governor Gulab Kataria : বিদায়ী ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া আৰু তেওঁৰ সহধৰ্মিণী অনিতা কাটাৰিয়াক সাক্ষাৎ মুখ্যমন্ত্রীৰ

নিউজ ডেস্ক,৩০জুলাই : মঙলবাৰে ৰাজভৱনত মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু তেখেতৰ সহধৰ্মিণীয়ে বিদায়ী ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া আৰু তেওঁৰ সহধৰ্মিণী অনিতা কাটাৰিয়াক সাক্ষাৎ কৰি বিদায় সম্বাষণ জ্ঞাপন কৰে । । সাক্ষাতৰ মুহূৰ্তত ৰাজ্যপালগৰাকীক অসমবাসীৰ হৈ ৰাজ্যৰ প্ৰতি অনবদ্য সেৱাৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে তেওঁৰ নতুন ৰাজ্যপালৰ ভূমিকাৰ বাবে মুখ্যমন্ত্রীয়ে শুভেচ্ছা জ্ঞাপন কৰে(Assam CM Himanta Biswa Sarma Bids Farewell to Governor Gulab Kataria) ।

উল্লেখ্য যে, অসমত নতুন ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে ছিকিমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক গুলাব চান্দ কাটাৰিয়াৰ স্থানত । আনহাতে, অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াক পঞ্জাবৰ ৰাজ্যপাল আৰু চণ্ডিগড় কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰশাসক হিচাপে নিযুক্তি দিয়া হৈছে ।

লগতে পঢ়ক : Wayanad landslides: কেৰালাৰত ভয়ংকৰ ভূমিস্খলন; মৃতকৰ সংখ্যা ৬৩লৈ বৃদ্ধি