Assam CM Himanta Biswa Sarma: “মই আগৰ পৰাই কয় আছোঁ যে ‘মহবুবুল হক ইতিহাসৰ ডাঙৰ প্ৰৱঞ্চক’- মুখ্যমন্ত্ৰী
নিউজ ডেস্ক,২২ফেব্ৰুৱাৰী : আজি USTMৰ স্বত্ত্বাধিকাৰী মহবুবুল হকক গ্ৰেপ্তাৰ কৰা হয়। শুকুৰবাৰে মাজ নিশা মহানগৰ আৰক্ষী, STF আৰু শ্ৰীভূমি আৰক্ষীয়ে গুৱাহাটীৰ ঘোঁৰামাৰাৰ বাসগৃহৰ পৰা আটক কৰে আচাৰ্য মহবুবুল হকক। মাজ নিশা ডেৰ বজাত আটক আচাৰ্যগৰাকীক। শ্ৰীভূমি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আচাৰ্য মহবুবুল হকক। বৰ্তমান পাথাৰকান্দি আৰক্ষী থানালৈ লৈ যোৱা হৈছে আচাৰ্য মহবুবুল হকক। মহবুবুল হকৰ বিৰুদ্ধে উত্থাপন হৈছিল কেইবাটাও অভিযোগ। মহবুবুল হকৰ বিৰুদ্ধে ভুৱা প্ৰমাণপত্ৰ লোৱাৰ অভিযোগ(Assam CM Himanta Biswa Sarma)।
USTMৰ স্বত্ত্বাধিকাৰী মহবুবুল হকক গ্ৰেপ্তাৰৰ পিছতে মহবুবুল হকক লৈ মুখ্যমন্ত্ৰীৰ বহু বিস্ফোৰক মন্তব্য।মহবুবুল হকক মহা প্ৰৱঞ্চক বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে….
”অসমত মই বহু দিনৰ পৰা এটা চক্ৰক লক্ষ্য কৰি আছিলো। চক্ৰটো হ’ল মেডিকেল,ইঞ্জিনিয়াৰিং আৰু CBSEৰ পৰীক্ষাৰ আগত শিক্ষাৰ্থীসকলৰ চেণ্টাৰ সলনি কৰি দিয়া হয় আৰু কিছুমান নিদিষ্ট বিদ্যালয়লৈ লৈ যোৱা হয়।’
গোৱালপাৰা,নগাঁও,কামৰূপ জিলাৰ ২৪৭গৰাকী শিক্ষাৰ্থীক CBSE পৰীক্ষাত ৩০ নম্বৰটোকৈ অধিক নম্বৰ দিয়াৰ প্ৰতিশ্ৰুতি দি বৰাকৰ পাঠাৰকান্দি লৈ যোৱা হৈছিলে। কিন্তু পিছত যেতিয়া শিক্ষাৰ্থীসকলে তাত সুবিধা নাপালে তেতিয়াই শিক্ষাৰ্থীসকলে হুলস্থুল কৰিলে আৰু এই চক্ৰটো পোহৰলৈ আহিল।
“এই চক্ৰটো কেৱল CBSEটে সীমাৱদ্ধ নাই । এই চক্ৰটো Medical entrance পৰীক্ষাটো চলি থকা ডাঙৰ চক্ৰ”। “মই আগৰ পৰাই কয় আছোঁ যে ‘মহবুবুল হক ইতিহাসৰ ডাঙৰ প্ৰৱঞ্চক’। এই মানুহজনে অসমৰ কিছুমান বুদ্ধিজীৱিক তেওঁৰ নিজৰ অধিনলৈ লৈ যায় বিপথে পৰিচালিত কৰাৰ প্ৰচেষ্ট কৰি আহিছে। শিক্ষা বিভাগটো এখন বজাৰলৈ ৰূপান্তৰিত কৰা নহয় তাৰ বাবে আমি প্ৰচেষ্ট কৰি থাকিম।
লগতে পঢ়ক :WATCH | Chapar News: ৮ ঘন্টাৰ অন্তত মুকলি কংগ্ৰেছ কৰ্মীক