Assam CM Himanta Biswa Sarma : অসমৰ মহিলাসকলৰ বাবে ডাঙৰ সিদ্ধান্ত চৰকাৰৰ
নিউজ ডেস্ক,১ফেব্ৰুৱাৰী : শুকুৰবাৰে লোকসেৱা ভৱনত অসম কেবিনেটৰ বৈঠকৰ অন্তত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
শুকুৰবাৰে কেবিনেটে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান (নগৰীয়া)ক অনুমোদন জনায়(Assam CM Himanta Biswa Sarma)।
এই আঁচনিৰ অধীনত নগৰ অঞ্চলৰ ২ লাখ মহিলাই ১০,০০০ টকাকৈ Sit Money আৰু ভৱিষ্যতে বেংকৰ ঋণ পোৱাৰ পথ প্ৰশস্ত হ’ব।
উল্লেখযোগ্য যে, পূৰ্বৰ কেবিনেট বৈঠকত গাঁৱৰ মহিলাসকলক ১০,০০০ টকাকৈ দিবলৈ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান (গ্ৰাম্য)ক অনুমোদন জনাইছিল।
লগতে পঢ়ক :Assam CM Himanta Biswa Sarma: চৰকাৰী কৰ্মচাৰীৰ বাবে ভাল খবৰ দিলে মুখ্যমন্ত্ৰীয়ে