Local, Vocal, Global

Assam CM Himanta Biswa holds meeting with AASU over clause 6 recommendations : সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক সম্পন্ন

নিউজ ডেস্ক,২৬ছেপ্তেম্বৰ : সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক সম্পন্ন।

বুধবাৰে অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰীকৰণক লৈ দিছপুৰস্থিত লোকসেৱা ভৱনত অনুষ্ঠিত হৈছিল সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক ।

এই বৈঠকত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদনক লৈ আলোচনা কৰা হয়। আছুৰ হৈ বৈঠকত উপস্থিত থাকে মুখ্য উপদেষ্টা সমুজ্জল ভট্টাচাৰ্য। আছুৰ সভাপতি উৎপল শৰ্মা আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক চৰ্জুন হাঞ্চে(Assam CM Himanta Biswa holds meeting with AASU over clause 6 recommendations)।

এই বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীয়ে সংবাদমেল সম্বোধন কৰে । সংবাদমেলত মুখ্যমন্ত্ৰীয়ে ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদনখন ৰাজহুৱা কৰা হ’ব বুলি উল্লেখ কৰে। ৰাজ্য চৰকাৰৰ অসম চুক্তি বিভাগৰ ৱেবছাইটযোগে কাইলৈৰ পৰা প্ৰতিবেদনখন উপলব্ধ হ’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয়, প্ৰতিবেদনখন তিনিটা ভাগত ভাগ কৰিব পাৰি। ইয়াৰে ৪০টা পৰামৰ্শ ৰাজ্য চৰকাৰে কাৰ্যকৰী কৰিব পাৰে, ১২টা পৰামৰ্শ কেন্দ্ৰ-ৰাজ্য উভয় চৰকাৰে কাৰ্যকৰী কৰিব পাৰে আৰু ১৫টা পৰামৰ্শ কেন্দ্ৰীয় চৰকাৰৰ বিষয়। সদৌ অসম ছাত্ৰ সন্থাই আমাৰ শ্ৰেণী বিভাজনক স্বীকাৰ কৰে(Assam CM, AASU leaders hold talks over Assam Accord Clause 6 recommendations)।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, কাৰ্য্যকৰী কৰিবলগীয়া দফা আৰু কোনে কাৰ্য্যকৰী কৰিব সেয়া আজি আলোচনা কৰা হয়। কেন্দ্ৰৰ হাতত থকা ১৫টা বিষয় কেন্দ্ৰৰ সৈতে আছুৱে আলোচনা কৰিব। তাৰবাবে ৰাজ্য চৰকাৰে কেন্দ্ৰক আছুৰ সৈতে আলোচনাত বহিবলৈ অনুৰোধ জনাব।

লগতে পঢ়ক : Sensational incident : ৰে’লৰ পৰা পৰি ৰহস্যজনক ভাৱে যুৱকৰ মৃত্যু