Assam CM condoles death of ex-PM Dr. Manmohan Singh :প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙৰ বিয়োগত হিমন্ত বিশ্ব- সৰ্বানন্দ সোণোৱালৰ গভীৰ শোক প্ৰকাশ

নিউজ ডেস্ক,২৭ডিচেম্বৰ : ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙৰ দেহাৱসান(Manmohan Singh’s Demise)। বৃহস্পতিবাৰে নিশা ৯:৫১ বজাত দেহাৱসান ঘটে প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙৰ। দিল্লীৰ এইমছত শেষ নিশ্বাস কৰে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে। ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙক হেৰুৱাই আজি শোকস্তব্ধ সমগ্ৰ দেশবাসী ।কাইলৈ সম্পন্ন কৰা হ’ব ড০ মনমোহন সিঙৰ শেষকৃত্য।অন্তিম সংস্কাৰ সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হ’ব(Govt Announces 7-Day Mourning)।
প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ বিয়োগত গভীৰ শোক প্ৰকাশ শোক প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই(Assam CM condoles death of ex-PM Dr. Manmohan Singh)।
সামাজিক মাধ্যমযোগে শোক প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়- ব্যক্তিগতভাৱে তেখেতৰ সৈতে হোৱা প্রতিটো বাৰ্তালাপত সৰলতা, শালীনতা আৰু বৌদ্ধিক দক্ষতাৰ উমান পাইছিলোঁ। বিশেষকৈ প্ৰধানমন্ত্ৰী হিচাপে ড° সিং ডাঙৰীয়াৰ কাৰ্যকালত মই তেখেতৰ সৈতে অসম সম্পৰ্কীয় বিষয়সমূহৰ সন্দৰ্ভত কেইবাবাৰো বাৰ্তালাপ কৰাৰ সুযোগ পাইছিলোঁ।
লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- বিভাজনৰ পাছৰ ভাৰতক জন্মলগ্নৰে পৰা দেখা দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে কেইবাটাও বিশিষ্ট পদত দেশলৈ সেৱা আগবঢ়াইছিল ৷ মুক্ত বজাৰ অৰ্থনীতি আৰম্ভ কৰা আৰু দশকজুৰি প্ৰতিক্ৰিয়াশীল সমাজতান্ত্ৰিক নীতিৰ সমাপ্তিৰ ক্ষেত্ৰত তেখেতৰ গুৰুত্বপূৰ্ণ ভূমিকাক ভাৰতৰ উত্তৰ প্ৰজন্মই সদায় স্মৰণ কৰিব বুলি উল্লেখ কৰে।
আনহাতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰে। তেওঁ কয়- প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ নম্ৰতা, বৃত্তিৰ মনোভাৱে মূৰ্ত কৰি তুলিছিল। ভাৰতৰ অৰ্থনৈতিক পুনৰুত্থানত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
ইয়াৰ উপৰি জনসাধাৰণৰ কল্যাণৰ বাবে তেওঁৰ নীতিসমূহ সুদূৰপ্ৰসাৰী আছিল বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।